Saturday, 2 May 2015

[৮]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

[৮]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..


আজান ফকিৰে(ৰঃ) ইছলাম ধর্মৰ মূল কথাবোৰ জিকিৰৰ মাজেৰে প্রচাৰ কৰাৰ বাবে শঙ্কৰদেৱৰ পদ্ধতিক স-সন্মানেৰে, ভক্তিৰে মুকলিভাৱে গ্রহন কৰিছিল। আজান ফকিৰে(ৰঃ) জিকিৰত কৈছেঃ-
-“চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।
– ভজো হেৰা মোৰ মন গুৰুৱে পাৱত।।
ইয়াত কেৱল শঙ্কৰদেৱৰ “গুৰুৱে পাৱত”ৰ ঠাইত আজান ফকিৰে(ৰঃ) “আল্লাৰ নামত” কৰিছে। এই দুটা বস্তুক আজান ফকিৰে(ৰঃ) কেতিয়াও সান মিহলি কৰা নাই। শঙ্কৰদেৱৰ একেশ্বৰ বাদৰ সংঞ্জা অতি উচ্চ মানৰ। শঙ্কৰদেৱৰ কথা ক’লেই মাধবদেৱৰ কথা আহি পৰে। আমি দেখিছিলো কোনো কোনো ক্ষেত্রত শঙ্কৰদেৱতকৈ মাধবদেৱ ঊর্ধ্বত আছিল। আমাৰ এই কথা শুনিবলৈ বেয়া লাগিলেও কিন্তু ভুল নাছিল। কাৰণ এই কথা গুৰুজনাই নিজ মুখে স্বিকাৰ কৰি গৈছে। হলেও শঙ্কৰ-মাধব গুৰু শিষ্যহে।
আমি মাধবদেৱক টানি অনাৰ কাৰণ আছে। মাধবদেৱ আছিল ঘোৰ শক্তি উপাসক(মূর্তি পূজক)। শঙ্কৰ-মাধবৰ মাজত “বহুবাদ” আৰু “একেশ্বৰবাদ”ৰ তর্ক যুদ্ধ হৈছিল। শেষত শঙ্কৰদেৱৰ এটা শ্লোকত মাধবদেৱে হাৰ মানি শঙ্কৰদেৱৰ শিষ্যত্ব গ্রহণ কৰে। শ্লোকটো এনে ধৰণৰ আছিলঃ-
-“বৃক্ষৰ মূলত যেন দিলে আনি জল।
-হোৱয় তৃপিতি তাৰ পত্র পুষ্প ফল।।
-ডালে পাতে সঞ্চে যদি মূলত নেদয়।
-কদাচিতো ডালেপাতে তৃপিতি নাপায়”।।
শঙ্কৰ-মাধবৰ এই মিলনক “মণি-কাঞ্চন”ৰ সংযোগ বুলি জনা যায়। ইয়াৰ ওপৰত  এটা লিখনি ‘মাহেকীয়া-বার্তাপখিলী”,ফেব্রূৱাৰী ২০০২ত প্রকাশ পাইছিল।(ইয়াত ফটো দিয়া হৈছে)।

ক্রমশঃ-Next Sunday......in sha Allah
-

No comments:

Post a Comment