Wednesday, 24 June 2015

(14)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(14)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com-sgis-25.06.2015
-------------------------------------------------------------

——প্রাচীনতম অনুমানিক খৃষ্টপূর্ব ২৫০০বছৰৰ(2500 BC) আৰবৰ অন্তর্ভূক্ত থকা সম্প্রদায়টো হৈছে ইয়েমেন। এওঁলোক আকৌ “শাবা”(SABA) সম্প্রদায়ৰ অন্তর্ভূক্ত। এওঁলোকৰ অভ্যুদয় হয় খৃষ্টপূর্ব ১১০০(1100 BC) আৰু সোণালী যুগৰ সূচনা হয় খৃষ্টপূর্ব ৬৫০ৰ পৰা খৃষ্টপূর্ব ১১৫লৈ। এই কাল চোৱাতেই ইয়েমেন ইতিহাস প্রসিদ্ধ নদী বান্ধ “মাৰিবৰ মশহুৰ” স্থাপন হয়। পৱিত্র কোৰআন শ্বৰীফত “শাবা”(SABA) নামেৰে এটা চুৰা নাযিল হৈছে। ইয়াৰ তফচিৰত(৩৪:২১) এওঁলোকৰ বুৰঞ্জী (ক্লিক কৰকঃ-http://wp.me/p53xn9-D) আৰু নদী বান্ধটোৰ কথা (৩৪:১৬)নং আয়াতত “ছাইলাল আ’ৰিম”( سَيْلَ الْعَرِمِ ) নামেৰে উল্লেখিত হৈছে।
——–৩০০ খ্রীষ্টাব্দৰ পিছৰপৰা ইছলাম আবির্ভাৱ হোৱালৈ ইয়েমেনৰ মাজত অস্থিৰতা আৰু বিশৃংখলতা ঘটে। ফলশ্রুতিত ইয়েমেনৰ স্বাধীনতাৰ বিলুপ্তি ঘটে আৰু ৰুমী সকলে তাত আধিপত্য প্রতিষ্ঠা কৰে।
——-৩৭৮ খ্রীষ্টাব্দৰ পিছত ইয়েমেন পুনৰ স্বাধীন হয়। কিন্তু ৪৫০/৪৫১ খ্রীষ্টাব্দত “মাৰিবৰ মশহুৰ” নদী বান্ধটো ভাঙি যোৱাৰ ফলত বহু গাওঁ ধ্বংসহৈ যায়।
——৫২৩ খ্রীষ্টাব্দত পুনৰ এক জঘন্য ঘটনা ঘটে। ইয়েমেনৰ ইহুদি সম্রাট “যু-নওয়াছে” ইহুদিলৈ ধর্মান্তৰ হোৱাৰ বাবে খ্রীষ্টানসকলক প্রৱল হেঁঁচা প্রয়োগ কৰিবলৈ ধৰে। খ্রীষ্টানসকলক কোনোমতেই মান্তি নোহোৱাত “যু-নওয়াছে” কিছুমান গাঁত খন্দাই তাত জুই জ্বলাই খ্রীষ্টানসকলক পেলাই জ্বলাই মাৰে। পৱিত্র কোৰআন শ্বৰীফৰ চুৰা বুৰুজৰ চাৰি নং আয়াতত “কোতিলা আসহাবুল উখূদ”( قُتِلَ أَصْحَابُ الْأُخْدُود) এই ঘটনাৰ ইঙ্গিত দিয়া হৈছে।

The long-abandoned Great Dam of Ma’rib, once a wonder of the world.
-contd.to-Next week-in sha Allah---

Friday, 12 June 2015

(১2)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”



(১2)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com-sgis-12.06.2015
----------------------------------------------------------

—–আদনান হৈছে নবী কৰিম(দঃ)ৰ বংশ তালিকাত ২১তম ঊর্ধতম বংশ বা পুৰুষ। ঐতিহাসিক গবেষকসকলৰ সূক্ষ্ম অনুসন্ধান অনুযায়ী আদনান আৰু হজৰত ইব্রাহীমৰ(আঃ)ৰ মধ্যৱর্তী সময়চোৱাক চল্লিছ পিড়িঁ বা বংশৰ ব্যৱধান বুলি ঠাৱৰ কৰিছে।


—-ইয়াতে ক্লিক কৰি (http://wp.me/p53xn9-c , ফটোৰ ওপৰটো ক্লিক কৰি ডাঙৰ কৰি ল’ব)পোৱা বংশ তালিকাত চকু ফুৰালে দেখা যায়যেঃ-আদনান বংশৰ সন্তান মা’আদ(Ma’ad)। এওঁৰেই একমাত্র সন্তান নাযাৰ(Nizar)। নাযাৰৰ চাৰিটা সন্তানৰ পৰা প্রত্যেকৰ পৰা একোটাকৈ গোত্র বা বংশৰ সৃষ্টি হৈছে। এই চাৰি সন্তানৰ নাম যথাক্রমেঃ- ইয়াদ, আনমাৰ, ৰাবীআহ(—), আৰু মুদাৰ(Mudar)। ইয়াৰে ৰাবীআহ আৰু মুদাৰ(Mudar)ৰ শাখা-প্রশাখাৰ বিস্তিৃত লাভ কৰে। মুদাৰ(Mudar)ৰ সন্তান সকলৰ পৰা দুটা ডাঙৰ গোত্রৰ বিভক্ত উৎপত্তি হয়ঃ-১)কাইছ আইলান বিন মুদাৰ আৰু ২)ইলিয়াচ বিন মুদাৰ।

——ইলিয়াচ বিন মুদাৰ পৰা তামীম বিন মুৰৰাহ, হুজাইল বিন মুদৰিকাহ, বানু আছাদ বিন খুজাইমাহ আৰু কিনানা বিন খুজাইমাহ গোত্র সমূহৰ উদ্ভৱ হয়। তাৰ পিছত কিনানাহ গোত্রৰ পৰা কুৰেইছ(Quraish) গোত্র বা বংশৰ উৎপত্তি হয়। এই বংশটো ফিহৰ বিন মলিক বিন নাযাৰ বিন কিনানাৰ সতি-সন্তান।

—–পিছত কুৰেইছ বংশ বিভিন্ন শাখাত বিভক্তহৈ পৰে। ইয়াৰে এটা বিশিষ্ট শাখাৰ গোত্র হৈছে কুছাই(Qusai)। কুছাইৰ সন্তানসকলৰ পৰা একোএকোটা গোত্রৰ জন্ম হয়। ইয়াৰে এজন সন্তানহৈছে আবদে-মুনাফ(Abd-Munaf)। এখেতৰ চাৰি সন্তান ক্রমে:- আবদে-শামস, নওফাল, আব্দুল মুত্তালিব(Abdul Mutalib) আৰু বানু হাছিম(Hashim)। এই চাৰি গোত্রৰ উৎপত্তি হয়। ইয়াৰ পিছত হাছিম গোত্রৰ পৰা আব্দুল্লা আৰু তাৰ পিছত মহান আল্লাহ তা’লাই আমাৰ প্রাণৰোপ্রাণ প্রিয় নবী হজৰত মহম্মদ ছল্লাল্লাহু আলেইহি ওৱা ছাল্লামক নবী ও ৰছুল ৰূপে মনোনীত কৰিলে।
-ক্রমশঃ-in sha Allah on-19.06.2015