Thursday, 6 August 2015

(১৯)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


(১৯)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com-sgis-০৭.০৮.২০১৫
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~




——–কুছাই(QUSAI) বিন কিলাব(KILAB) সম্পর্কে কোৱা হৈছেযে তেওঁ ষেতিয়া কেচুঁৱা  আছিল তেতিয়াই তেওঁৰ পিতৃৰ বিয়োগ ঘটে। তাৰ পিছত তেওঁৰ মাক বানু উযৰা গোত্রৰ ৰাবি-আহ বিন হাৰাম নামৰ এজন ব্যক্তিৰ লগত বিবাহহৈ যায়। এই ব্যক্তিজন আছিল শ্যাম ৰাজ্যৰ। গতিকে মাকৰ লগতে কুছাইও শ্যাম ৰাজ্য পাইগৈ। প্রাপ্তবয়ঃ হোৱাত  তেখেত(কুছাই) পুনৰ মক্কালৈ ঘূৰি আহে। সেই সময়ত মক্কাৰ অভিভাৱক আছিল খুযায়ী গোত্রৰ হুলাইল বিন হাবশিৰা খুযায়ী। কুছাইয়ে হুলাইলৰ কন্যা হোবাক বিয়া কৰায়। বিয়াৰ কেইদিন মানৰ পিছতেই হুলাইলৰ মৃত্যু ঘটে। হুলাইলৰ মৃত্যু পাছত মক্কা আৰু বায়তুল্লাহৰ অভিভাৱকত্বকলৈ খুযা-আহ আৰু কুৰেইছৰ মাজত যুদ্ধ হয়। তাৰ মাজতেই কুছাই উজ্বলি উঠে আৰু মক্কা আৰু বায়তুল্লাহৰ অভিভাৱকত্বৰ দায়িত্ব পায়।

——–উল্লেখিত যি তিনিটা বিশেষ মর্যদাসম্পন্ন পদপী আদনানৰ বানু মুজাৰ(MUDAR) গোত্রই পাইছিল তাৰে এটা আছিল হাজীসকলৰ আৰাফৰ পৰা মুযদালিফালৈ লৈ যোৱা আৰু ইয়াউমুন নাফাৰ অর্থাৎ ১৩ জিলহজত মীনাৰ পৰা ৰাওনা হোৱাৰ বাবে লিখিত আদেশ দিয়াৰ কাম। এই সন্মানৰ অধিকাৰি আছিল ইলিয়াছ বিন মুজাৰ বংশৰ বানী গাওছ বিন মুৰৰাহ যাক কোৱা হৈছিল “সূফা”।

——মক্কা আৰু বায়তুল্লাহৰ অভিভাৱকত্বকলৈ “সূফা” আৰু “কুছাই”ৰ মাজত মনোমালিন্য হয়। এই মনোমালিন্য সুযোগলৈ খুযা-আহ আৰু বানু বিকৰ গোত্রৰ মাজত ভীষণ যুদ্ধ লাগে। এই যুদ্ধত বহুলোকৰ মৃত্যু আৰু সা-সম্পত্তি নষ্ট হয়। জান মালৰ ক্ষয়-ক্ষতিৰ পৰিপ্রেক্ষিতত এক আপোচ সিদ্ধান্তত আহিবৰ বাবে  বানু বিকৰ গোত্রৰ “ইয়া’মাৰ বিন আওফ”ক মধ্যস্থতাকাৰী হিচাবে মনোনিত কৰা হয়।

—–শেষ সিদ্ধান্ত ও এখন চুক্তিৰ ফল স্বৰূপে মক্কাৰ ওপৰত “কুছাই”আৰু “কুৰেইছ” এই দুয়োটা গোত্রই কতৃত্ব লাভ কৰিলে। আনহাতেদি বায়তুল্লাহৰ দ্বীনী নেতাৰ মহা-সন্মানিয় পদটি লাভ কৰিলে “কুছাই”য়ে। ইয়াৰ ফলত “খানায়ে-কা’বা” পৰিদর্শনৰ উদ্দেশ্যে আৰবৰ বিভিন্ন প্রান্তৰ পৰা অহা লোকৰ লগত তেওঁৰ সম্পর্ক স্থাপন হয়। মক্কাৰ ওপৰত কুছাইৰ আধিপত্যাৰ এই ঐতিসাহিক ঘটনা ঘটে ৪৪০খৃষ্ট্রাব্দৰ মাজ ভাগত।

—–আগলৈ-ইন শ্বা আল্লাহ----

No comments:

Post a Comment