(১৮)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
By:- sogoodislam@gmail.com-sgis-24.07.2015
00000000000000000000000000000000000
(18)“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
—–হজৰত ইছমাইল(আঃ)ৰ যুগ আছিল যীশুখ্রীষ্ট্র্রৰ জন্মৰ অনুমানিক দুইহাজাৰ বছৰৰ পূর্বে। সেই হিচাবত মক্কাত জুৰহুম গোত্রৰ অস্তিত্ব আছিল দুইহাজাৰ এশ বছৰ আৰু ৰাজত্ব কৰিছিল দুইহাজাৰ বছৰ পর্যন্ত।
—– উল্লেখ কৰি অহা হৈছেযে বানু খুযাআ গোত্রৰ মাৰুর্যযাহৰান আৰু আদনান গোত্রৰ বানু বিকৰ্ বিন আবদি মানাফ বিন কিনানাহ লগহৈ জুৰহুম গোত্রৰ লোকসকলক মক্কাৰ পৰা বিতাড়িত কৰাৰ পাছত বানু খুযাআহে একক ভাবে মক্কাৰ প্রশাসন পৰিচালন কৰিবলৈ ললেও তিনিটা বিশেষ মর্যদাসম্পন্ন পদপী আদনানৰ বানু মুজাৰ(MUDAR) গোত্রক পৰিচালনা কৰিবলৈ দিয়ে।
——মক্কাৰ ওপৰত বানু খুযাআহ গোত্রৰ কর্তত্ব প্রায় তিনিশ বছৰ থাকে। উক্ত সময়ৰ ভিতৰত আদনান গোত্রসমূহে হিজায অঞ্চলৰ(Hejaz regionলৈ) অতিক্রম কৰি নাজদ্, ইৰাক, বাহৰাইন আদি অঞ্চল সমূহত সিঁচৰিতহৈ পৰে।
——সেই সময়ত মক্কাৰ আশেপাশে কেৱল কুৰেশবিলাকৰ কেইটামান শাখাহে অৱশিষ্ট আছিল। তেওঁলোকৰ ঘৰবাৰী বুলিবলৈ একো নাছিল। এক বিছিন্ন অৱস্থাত তেওঁলোক বিভিন্ন পাহাৰত বাস কৰিছিল। আদনান গোত্রৰেই বানু কিনানা(KINANA) গোত্র কিছু সংখ্যকলোকৰ অত-তত কিছু ঘৰবাৰী আছিল যদিও মক্কাৰ প্রশাসনৰ ওপৰত কোনো কতৃত্ব নাছিল। এনেহেন অৱস্থাতেই কুছাই(QUSAI) বিন কিলাব(KILAB) গোত্রৰ আত্মপ্রকাশ ঘটে।
আগলৈ—আগলৈ

