(১৬)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
—ইফালে হীৰাক(ইৰাক) আৰু তাৰ পাশ্ববর্তী অঞ্চলত কুৰোছ কাবীৰৰ(৫৫৭-৫২৯খ্রীষ্টপূর্ব) সময়ৰ পৰাই পাৰস্যসকলে শাসন কৰি আহিছিল। তেওঁলোক আছিল শক্তিশালী অপ্রতিদ্বন্দিক। কিন্তু ৩২৬ খ্রীষ্টপূর্বত সিকান্দাৰ মাকদুনীয়ে পাৰস্যৰাজ দাৰাক পৰাজিত কৰি পাৰস্য শক্তিক বিপর্যস্ত কৰি তুলে। এই বিশৃঙ্খল অৱস্থা ২৩০ খ্রীষ্টাব্দলৈ অব্যাহত থাকে।
—–হিজায অঞ্চলৰ নেতৃত্ব(Hejaz region):-
এইটো সর্বজনবিদিত যে হজৰত ইছমাইল(আঃ) মক্কাত থকাৰ পৰাই মক্কাত জনবসতিৰ সূত্রপাত হয়। তেখেতে(আঃ) গোটেই জীৱন মক্কাবাসীৰ চর্দাৰ ও বায়তুল্লাহ শ্বৰীফৰ অভিভাৱক হিচাবে দায়িত্ব পালন কৰিছিল। তেখেত(আঃ) ১৩৭ বছৰ জীয়াই আছিল।
——–হজৰত ইছমাইল(আঃ) ওফাতৰ(মৃত্যু) পিছত তেওঁৰ দুই সন্তান ক্রমে নাবিত আৰু কায়দাৰে পর্যায়ক্রমে মক্কা শ্বৰীফৰ অভিভাৱকৰ দায়িত্ব পালন কৰে। তাৰ পিছত ৰাজ্যৰ শাসন ভাৰ তেওঁলোকৰ নানায়েক মুৱায বিন জুৰহুমীৰ হাতলৈ যোৱাৰ লগে লগে নাবিত আৰু কায়দাৰ হজৰত ইছমাইল(আঃ)ৰ সন্তান হোৱা বাবেই এক মর্যাদাৰ আসনত থাকে যদিও ক্ষমতা অথবা নেতৃত্ব একো নেথাকিল। এই ভাবেই হজৰত ইছমাইল(আঃ)ৰ সন্তানসকল অখ্যাত হৈয়ে থাকিল।
—– বছৰ বাগৰৰ লগেলগে এটা সময়ত বানু জুৰহুম গোত্রৰশক্তি দুর্বলহৈ পৰে আৰু মক্কাৰ আকাশত আদনানসকলৰ ৰাজনৈতিক ক্ষমতা দ্রুত উত্থান ঘটে। ইয়াৰ আগতে খ্রীষ্ট্রপূর্ব ৫৮৭চনত আদনানসকল যুদ্ধত হাৰি মক্কাৰ পৰা ইয়ামেনলৈ পলায়ন কৰিছিল। সেই সময়ত বানীইছৰাঈল সকলৰ নবী আছিল হজৰত ইয়াৰমিয়াহ(আঃ)[ Yarmiah(Jeremiah )] ।
Photo -Hijaz_Mountains
–আগলৈ->next week-in sha Allah
No comments:
Post a Comment