Friday, 17 July 2015

(১৭)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(১৭)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com-sgis-18.07.2015 [EID UL FTRE]

00000000000000000000000000000000000

Assalamu Alaikum all, 
আমাৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা  থাকিল।
تقبل الله منا ومنكم
Taqabbalallahu minna wa minkum


May Allah grant our and your good deeds.

18.07.2015 [EID UL FTRE]

--------------------------------------------------------



---হজৰত ইয়াৰমিয়াহে(আঃ)আদনানৰ সন্তান মা’আদক(Ma’ad) লগতলৈ শ্যাম দেশলৈ গুছি যয়। যেতিয়া মক্কাত পুনৰ আদনানসকল শক্তিশলী হয় তেতিয়া পুনৰ মা’আদ মক্কালৈ ঘূৰি আহে।  মক্কালৈ প্রত্যাবআর্তনৰ সময় তেওঁ জুৰহুম গোত্রৰ জুৰহুম বিন জালহামাহক লগ পাই তেওঁৰ কন্যা মাআনাহক বিয়া কায়। মাআনাহৰ গর্ভত জন্ম হয় নিযাৰ(Nizar)।

——ক্রমান্বয়ে জুৰহুম গোত্রৰ লোকসকলৰ অৱস্থা বেছি বেয়াৰ ফালে যাবলৈ ধৰে। ফলত তেওঁলোকে চুৰ, ডকাইতি, অন্যায় উৎপীড়ন কৰিলৈ ধৰিলে। আনকি তেওঁলোকে কা’বা গৃহৰ টকা, পইছা লুট কৰিবলৈ ধৰিলে। এটা সময়ত তেওঁলোকৰ উৎপাতত অতিষ্ঠহৈ বানু খুযাআ গোত্রৰ মাৰুর্যযাহৰান আৰু আদনান গোত্রৰ বানু বিকৰ্ বিন আবদি মানাফ বিন কিনানাহ লগহৈ জুৰহুম গোত্রৰ লোকসকলক মক্কাৰ পৰা বিতাড়িত কৰে। এই ঘটনা ঘটে ২য় খ্রীষ্টাব্দৰ মাজ ভাগত।

—– বানু জুৰহুম গোত্রৰ লোকসকল মক্কা এৰি যোৱৰ সময়ত জমজম কোঁৱাটো নানা ধৰণৰ বয়-বস্তুৰে পুতিথৈ যায়। এই বয়-বস্তবোৰৰ মাজত কিছুমান ঐতিহাসিক নিদর্শন যুক্ত বস্ত আছিল। মহম্মদ বিন ইসহাকৰ এক বিৱৰণ মতে “আমৰ” বিন হাৰিছ বিন মুজায জুৰহুমীয়ে কা’বা শ্বৰীফৰ দুটা হৰিণা আৰু হাজৰে আছঅদ বা কলা পাথৰটোও বাহিৰ কৰি জমজম কোঁৱাত নিক্ষেপ কৰিথৈ যায়। যোৱাৰ সময়ত তেওঁলোকৰ দুখৰ অন্ত নাছিল। দুখতেই “আমৰে” তলৰ কবিতাটো আবৃত্তি কৰেঃ-

“ধাৰণা হৈছেযে হাজুনৰ পৰা সাফা পর্যন্ত কোনো পৰিচিত লোক নাছিল,

নাই কোনো গল্পৰ বৈঠকত গল্প উপস্থাপকে গল্পই নকৰিলে।

কিয়বা নাই? আমিটো তাৰেই বাসিন্দা আছিলো।

কিন্তু যুগৰ পৰিবর্তনে

আৰু ভাগ্যৰ পৰহাসে আমাক উজাৰ কৰি দিলে”।।

-ক্রমশঃ-in sha Allah--next week--

No comments:

Post a Comment