Sunday, 26 April 2015

[7]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

[7]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..


-ইছলাম ধর্মৰ মূল মন্ত্রটো(কলিমা) হৈছে-“আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই”। শঙ্কৰদেৱৰ এক শৰণ নাম ধৰ্মতো- “এক ঈশ্বৰত শৰণ লোৱা-অর্থাৎ এক দেউ এক সেউ এক বিনে নাই কেউ”। আজান ফকিৰে(ৰঃ) ইছলাম ধর্ম প্রচাৰৰ বাবে শঙ্কৰদেৱৰ লগত মিল থকা এই মূল উপাদানটোকে গ্রহণ কৰিছিল। আমি অনুভব কৰোযে আজান ফকিৰ(ৰঃ) চাহাবে এই কাম কৰিবলৈ যোৱাৰ আগতে শঙ্কৰদেৱৰ এক শৰণ নাম ধৰ্মৰ লগতে ইয়াৰ প্রচাৰ আৰু প্রসাৰৰ কৌশলসমূহৰ বিস্তৃত অধ্যয়ন আৰু গবেষণা কৰি লৈছিল। যাৰ বাবে কোনো কোনো জিকিৰত আজান ফকিৰ(ৰঃ)ৰ নামৰ ঠাইত শঙ্কৰদেৱৰ দৰে আজানদেৱ বুলি অভিহিত হৈছে।
–ইছলাম ধর্মৰ কলিমাৰ শব্দ কেইটা জানিলেই মু’মিন হ’ব নোৱাৰে। পানী এটা শব্দ বা বস্তু। পিয়াহ দূৰ কৰিবলৈ হ’লে পানী পান কৰিব লাগিব। পানী পানী বুলি চিঞৰি থাকিলে পিয়াহ দূৰ নহ’ব। সেইদৰে কলিমাৰ শব্দ কেইটাৰ লগতে ইয়াৰ মর্ম কথাখিনি বুজি কামত লগালেহে প্রকৃত মু’মিন হ’ব পাৰে। সম্পূর্ণ কলিমাটো হৈছে-“১] আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই ; ২] মুহাম্মদ(দঃ) আল্লাহৰ ৰছুল(সংবাদদাতা)”। এই কলিমাৰ কাৰুকার্য বোৰ এজন প্রকৃত মুমিনৰ অন্তৰতহে থাকিব পাৰে। এই কথাবোৰেই আজান ফকিৰে(ৰঃ) জিকিৰৰ মাজেৰে কৈছেঃ-

-“পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত।
-খোদা ৰছুল লুকাই আছে মোমিনৰ আৰঁত।।

ক্রমশঃ-অহা দেওবাৰলৈ --ইন শ্বা আল্লাহ । 

Thursday, 23 April 2015

(১)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

[ইণ্টাৰণেতে অসুবিধা দিয়াৰ বাবে যোৱা কালি এই প্রৱন্ধ প্রকাশ কৰিব নোৱাৰাৰ বাবে sgis দুঃখিত]
(১)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মেৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মেৰাজ ভ্রমণ
By:- sogoodislamsyeds
+++++++++++++++++++++++++++++++++++++++++++++++

       আৰবী ৰজৱ(ৰযব্) মাহৰ ২৭ তাৰিখৰ ৰাতি আল্লাহ-তালাই বিশ্ব নবী হজৰত মহম্মদক(দঃ)ক্ষন্তেক সময়ৰ ভিতৰতে মক্কাৰ মছজিদে হাৰামৰ পৰা সুদূৰ জেৰুজালেমৰ মছজিদে আকছালৈ(বয়তুল মকাদ্দচলৈ)আৰু তাৰ পৰা মহাকাশৰ উর্দ্ধতম স্থানলৈ লৈ গৈছিল।ইছলামী ভাষাত এই ঘটনাকেই মেৰাজবুলি কোৱা হয়।এই কার্য্য কোৰআন, ৪৭ জন চাহাবা(ৰাঃ)ৰ Reportৰ বিশুদ্ধ হদিচৰ দ্বাৰা প্রমাণিত।

      কিন্তু এই তাৰিখ , মাহ আৰু ইয়াক পালন কৰাৰ শুদ্ধ কোনো প্রমাণিক ভিত্তি নাই। সেয়েহে ইয়াক পালন কৰাটো বেদাত।
বিশ্ব নবী হজৰত মহম্মদৰ(দঃ)মে’ৰাজৰ এই ভ্রমণ সশৰীৰে নে আধ্যাত্মিক ভাৱে সংঘটিত হৈছিল,তাক লৈ বহু মতভেদ হোৱা দেখা যায়। বিঞ্জানৰ দৃষ্টিকোণৰ অবিহনে এই ঘটনাক আধ্যাত্মিক বুলিয়েই ভাবি লোৱা হয়।কিন্তু বিঞ্জানৰ আলামত কোৰআন আৰু হাদিছ শ্বৰিফৰ প্রমাণে স্পষ্ট কৰি দিয়ে যে বিশ্বনবীৰ(দঃ)মে’ৰাজ আছিল সশৰীৰে । কোৰআন শ্বৰিফত বয়তুল্লাহৰ(মছজিদে হাৰাম)পৰা বয়তুল্ মুকাদ্দাছ(মছজিদে আক্ছা)লৈকে যোৱাৰ কথা আৰু হাদিছসমূহত বয়তুল্লাহৰ পৰা উর্দ্ধ জগতৰ সর্বোচ্চ উচ্চতালৈ যোৱাৰ কথা বিস্তৃতভাৱে উল্লেখিত হৈছে।
     The Isra and Mi’raj (Arabic: الإسراء والمعراج‎, al-’Isrā’ wal-Mi‘rāğ), are the two parts of a Night Journey. ইসৰা মানে ৰাতিৰ যাত্রা আৰু মি'ৰাজ মানে ওপৰলৈ আৰোহ। 
    Muhammad took during a single night around the year 621.  A brief sketch of the story is in sura (chapter) 17 Al-Isra of the Qur’an, and other details come from the Hadith, supplemental writings about the life of Muhammad(D:). In the journey, Muhammad(D;) travels on the steed Buraq to “the farthest mosque” where he leads other prophets in prayer. He then ascends to heaven where he speaks to God, who gives Muhammad(D:) instructions to take back to the faithful on Earth about the number of times to offer prayers each day.
     কোৰআন মজিদ সাক্ষী :-[কোৰআন মজিদৰ বিষয়ে সকলোৱে জানিলেও আকৌ এবাৰ চাই লোৱা ভাল লগ-অনঃ- sgis-miraj]
কোৰআন শ্বৰিফৰ দৰে এখন মহান গ্রন্থতেই স্থান পাইছে বিশ্বনবীৰ(দঃ)মে’ৰাজ শ্বৰিফৰ ঘটনা ।
       “তেওঁৰেই মহিমা যিজনে তেওঁৰ দাসক [হঃমহম্মদক(দ :)]পৱিত্র মছজিদে হাৰামৰ (কা’বাৰ)পৰা দূৰৱর্তী সেই মছজিদে আকছালৈ,যাৰ চতুস্পার্স(চতুর্পাশ=চাৰিওফালে)তেওঁ অনুকম্প কৰিছে,পৰিভ্রমণ কৰাইছিল,কাৰণ তেওঁক তেওঁৰ নিদর্শন বিলাকৰ কিছু দেখুৱাৰ অভিপ্রায়  আছিল।তেওঁ নিশ্চয় শুনোতা আৰু দেখোঁতা[১৭:১]।
      কোৰআনত উক্ত আয়াতটো আৰম্ভ হৈছে”চুবহানাল্লাজি”বুলি।অর্থাৎ তেওঁৰেই মহিমাৰ দ্বাৰা উক্ত ঘটনা সংঘটিত হৈছিল।গতিকে মে’ৰাজ আধ্যাত্মিক বা   সপোন হিচাপে হোৱাৰ প্রশ্নই নুঠে।
      মে’ৰাজৰ ঘটনাৰ সময়ৰ ক্ষেত্রত উক্ত আয়াতত “লাইলাম”ব্যৱহাৰ হৈছে। অর্থাৎ অলপ সময়ৰ ভিতৰতে বুজাইছে।(ৰাতিৰ ভিতৰতে)।যিটো অসম্ভৱ যেন লাগিলেও কিন্তু ইয়াক বিঞ্জানে মানি লৈছে।(বিশ্লেষণ পিছত)।
         বিশ্ব নবী হজৰত মহম্মদ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণত দূৰৱর্তী মছজিদলৈ(দূৰৱর্তী মছজিদ সাত আচমানৰ বহু ওপৰত অৱস্থিত বায়তুল মামুৰ)যোৱাৰ কথা চুৰা বনী ইস্রাঈলৰ দ্বাৰা প্রমাণিত হোৱাৰ উপৰিও  চিদৰাতুলমন্তাহালৈ যোৱাৰ আৰু আল্লাহ-তা’লাৰ নিচেই ওচৰ পোৱাৰ কথা চুৰাই নজমৰ দ্বাৰা প্রমাণিত হৈছে।

      মে’ৰাজ ভ্রমণ দুটা অংশত বিভক্ত।প্রথম ভাগত মক্কাৰ পৰা জেৰুজালেমলৈ আৰু দ্বিতীয় ভাগত জেৰুজালেমৰ পৰা উর্দ্ধতম জগতলৈ যাত্রা।প্রথম অংশত ব্যৱহাৰ হৈছিল বোৰাকৰ দ্বাৰা আৰু দ্বিতীয় অংশতব্যৱহাৰ হৈছিল মে’ৰাজঅর্থাৎ জখলা। লগত আছিল শক্তিশালী ফিৰিস্তা জিব্রাইল(আ:)।যিজনে হজৰত মহম্মদ(দ:)ৰ লগত থাকি মহাকাশ ভ্রমণৰ সময়ত  মহম্মদ(দ:)ক সকলো দিহা-পৰামর্শ তথা সুৰক্ষিত ৰাখিছল।
[sgisৰ টোকাঃ--------------------------]
ক্রমশঃ-অহা শণি বাৰলৈ,2/5/2015-in sha Allah

       

Monday, 20 April 2015

৪০০ হিজরীরআগে কোনো মাযহাব ছিল না

ইমামরা মাযহাবসৃষ্টি করেননি ভারতবর্ষের বিখ্যাতহাদীসশাস্ত্রবিদ হানাফীদের শিক্ষাগুরুযাকে হানাফীরা ভারতবর্ষেরইমাম বুখারীবলে থাকেনসেইশাহ আলিউল্লাহমুহাদ্দিসদেহেলভ (রহ) বলেছেন – ‘লাম আন্না না-সা-কা-নু ক্কারলাল মিআতির রা-বিআতি গাইরা মুজমিয়ীনা আলাত্-তাকলীদিল খা-লিস লিমায়হাবিন্ ওয়া-হিদিন্ বি- আইনিহীঅর্থাৎতোমরা জেনে রাখো যে, ৪০০হিজরীর আগে লোকেরা কোনএকটি বিশেষ মাযহাবেরউপরজমে ছিল না’ (হুজ্জাতুল্লাহি বালেগাহ; ১৫২ পৃষ্ঠা)

অর্থাৎ৪০০ হিজরীরআগে নিজেকে হানাফী,শাফেরী বা মালেকী বলে পরিচয়দিতো না। আর চারশো হিজরীরঅনেকআগে ইমামরা ইন্তেকালকরেন। ইমামদের জন্ম ওমৃত্যুর সময়কালটা একবার জানা যাকতাহলে ব্যাপারটা আরওস্পষ্টহয়ে যাবে

ইমামের নাম জন্ম মৃত্যু
আবু হানীফা (রহ) ৮০ হিজরী ১৫০হিজরী
ইমাম মালেক (রহ) ৯৩হিজরী ১৭৯হিজরী
ইমাম শাfi (রহ) ১৫০ হিজরী ২০৪ হিজরী
আহমদ বিন হাম্বাল (রহ)১৬৪হিজরী ২৪১ হিজরী

বিশিষ্ট হানাফী বিদ্বানশাহ ওলিউল্লাহ দেহেলভী (রহ)এরকথা যদি মেনে নেওয়া যায়যে ৪০০ হিজরীরআগে কোনো মাযহাব ছিল না,এবং ৪০০ হিজরীর পরে মানুষেরা মাযহাবসৃষ্টি করেছে, তারমানে এটা দাঁড়ায় যে আবুহানীফার ইন্তেকালের ২৫০বছরপর হানাফী মাযহাব সৃষ্টি হয়েছে। ইমামমালেকের ইন্তেকালের ২২১ বছর পরমালেকী মাযহাবসৃষ্টি হয়েছে। ইমামশাফেরীর ইন্তেকালের ১৯৬ বছরপরে শাফেরী মাযহাব এবং ইমাম আহমাদের ইন্তেকালের ১৫৯বছরপর হাম্বলী মাযহাব সৃষ্টি হয়েছে। অর্থাৎইমামদের জীবিত অবস্থায়মাযহাব সৃষ্টি হয়নি।তাঁদেরমৃত্যুর অনেক দিনপরে মাযহাবের উদ্ভব হয়েছে।আর একবার চিন্তা করে দেখুনমাযহাব বা দলসৃষ্টি করাতে কোরআন হাদিসে কঠোরভাবে নিষিদ্ধকরা হয়েছে। মহামান্য ইমামরা ছিলেন কোরআন হাদীসের পুঙ্খানুপুঙ্খ অনুসারী এবং ধর্মপ্রানমুসলিম। তাঁরা কি কোরআন হাদীসকে বুড়ো আঙ্গুলদেখিয়ে মাযহাব তৈরি করবেন যা কঠোরভাবে নিষিদ্ধ,এটা কখনো হতে পারে? যারা বলে ইমামরা মাযহাবসৃষ্টি করেছেন তারা হয়।
sgi-s-400

Saturday, 18 April 2015

[6]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

[6]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..

২০১০ আৰু ২০১১ চনৰ দুটা ঐতিসাহিক ঘটনাঃ-
1]News- 20 May 2010 :-Governor of Assam J B Patnaik (left) at the Assam Satra Mahasabha Conference in Barpeta. Breaking a centuries-old barrier, women led by Patnaik entered the Vaishnavite temple at Barpeta for the first time.
ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ উদ্যোগত আজি বৰপেটা বৈষ্ণব নামঘৰত মহিলাৰ প্ৰৱেশ ঘটিল।

২]NEWS-Guwahati, Nov 18, 2011(PTI)
History was created in Assam today with women offering namaaz for the first time in the historic Azan Peer Sahab Dargah in Sibsagar at the initiative of Governor J B Patnaik and his wife Jayanti Patnaik.

ৰাজ্যপাল জানকী বল্লভ পাটনায়ক আৰু তেওঁৰ পত্নী জয়ন্তী পাটনায়কৰ উদ্যোগত সৰাগুৰি চাপৰিৰ আজান ফকিৰ দৰগাহত থকা মছজিদত প্ৰথমবাৰলৈ প্ৰৱেশ ঘটিল মহিলাৰ। কেৱল প্ৰৱেশ ঘটাই নহয়, মহিলাই মছজিদত প্ৰথমবাৰ শুকুৰবাৰৰ জুম্মা বাবে নামাজ পঢ়ি এক অভিলেখৰ সৃষ্টি কৰে।
……………………………………

-একেজন মানুহেই দুটা বেলেগ বেলেগ সময়ত মহিলাক ধর্ম্ম অনুস্থানত প্রৱেশ কৰোৱাই একে ধৰণৰ ঐতিসাহিক কাহিনী ৰচিছিল। দেখাত এনেলাগে যেন হজৰত আজান ফকিৰে(ৰঃ) মহাপুৰুষ শঙ্কৰদৱক অনুকৰণ কৰিছিল?
মহাপুৰুষ শঙ্কৰদৱৰ অনুকৰণতেই হজৰত আজান ফকিৰ(ৰঃ) চাহাবে মছজিদত মহিলাৰ প্রৱেশ নিষিদ্ধ কৰা নাছিল। মছজিদত মহিলাৰ নিষিদ্ধৰণটো ইছলামৰ এটা গোটৰ হাজাৰ বছৰিয়া পৰমপৰা।
+++++++++++++++++++++
আকৌ দুটা সময়ৰ ঘটনা-১৬৩৫চন আৰু ২০১৪চনঃ-

১৬৩৫চনঃ- মহাপুৰুষ শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ একেশ্বৰবাদী ধাৰণাৰ প্ৰতি মুছলমান সকলো আকৃষ্ট হৈছিল। চাঁদ খাঁ নামে এজন মুছলমান লোক প্ৰথম বাৰৰ বাবে শংকৰদেৱৰ শিষ্য হৈছিল। ১৬৩৫ চনত বাগদাদৰ পৰা আজান ফকিৰ(ৰঃ) নামৰ এগৰাকী সন্ত ইছলাম ধৰ্ম প্ৰচাৰৰ অৰ্থে অসমলৈ আহিছিল। কিন্তু অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ পৰিৱেশত আভিভুত হৈ তেওঁ ইছলাম ধৰ্ম প্ৰচাৰতে ক্ষান্ত নাথাকি সাম্প্ৰদায়িক সমন্বয়ৰ চিহ্ন স্বৰূপ জিকিৰ সমুহ লিখি উলিয়াইছিল। এই জিকিৰ সমুহৰ কিছুমান আছিল হিন্দু ধৰ্মৰ নাম কীৰ্তনৰ সুৰত ৰচিত ধৰ্ম মুলক গীত, যিবোৰে ব্যাপক সমাদৰ লাভ কৰিছিল। আহোম ৰজায়ো আজান ফকিৰৰ সন্মান কৰিছিল।
– আজান ফকিৰে(ৰঃ) শিৱসাগৰৰ ওচৰৰ চূণপোৰা গাৱলৈ অহাৰ আগতে দিল্লীলৈ আহিছিল আৰু তাতে ছুফী সন্ত শ্বে’খ নিজামুদ্দিন আউলিয়াৰ শিষ্য হৈছিল। তাৰ পৰা তেওঁ আহি হাজোৰ গৰুড়াচল পাহাৰৰ ওপৰত থকা পীৰ ঘিয়াছুদ্দিন আউলিয়াৰ দৰগাহৰ ওচৰতে কেইবছৰমান থাকি সম্পর্ণ অসমীয়াহৈ লৈছিল।

২০১৪চনঃ- যোৱা বছৰ ফেব্রুৱাৰী মাহত আন্তঃজাতিক ইছলামিক বক্তা ব্রাদাৰ ইমৰাণ আহিছিল দঃ ভাৰতৰ পৰা তেজপুৰলৈ সাম্প্রতিক সমন্ময়(Brotherhood)ৰ বাবে। তেখেতে অসমলৈ আহি, ইয়াত থাকি অসমীয়াক অধ্যয়ন নকৰাকৈ বক্তব্য ৰাখিছিল।(ইয়াৰ ভি-ডি-অ’ আছে আৰু অনুগ্রহকৰি তলৰ ইংৰাজী কথাখিনি চাই ল’ব।)
-ব্রাদাৰ ইমৰাণ চাহাবে শঙ্কৰ-আজানৰ কথা নাজানে অথবা তেওঁক কোৱাওঁ হোৱা নাই। তিনিজন হিন্দু যুৱকে একেলগে ব্রাদাৰ ইমৰাণক ক্রছ-প্রশ্ন কৰি বিব্রত কৰি দিয়াত তেওঁ পৰিষ্ঠিতি চম্ভালিবলৈ নিজকে হিন্দু বুলি ক’ব লগা হৈছিল। যুৱক তিনিজনে ভাবিছিল, ব্রাদাৰ ইমৰাণে অসমৰ মানুহক ভাগ ভাগ কৰিব বিিচাৰিছে। অসমৰ বতাহ-পানী খাই জন্ম গ্রহন কৰা প্রতেকজন নাগৰিকেই ক’ব নোৱাৰাকৈয় শঙ্কৰ-আজানৰ সমন্ময়(Brotherhood)ৰ দ্বাৰা প্রভাম্বিতহৈ আহিছে।


On 1st February, 2014, Saturday, a lecture of Br. Imran was held in Sonitpur, Assam, India on the topic : SABKA EESHWAR EK – Par Kaun ? Meaning – GOD OF ALL IS ONE – But Who ? After the lecture during the question and answer session about 3 NON MUSLIM FRIENDS tried to create a ‘scene’ BUT by Allah’s Help Alone, Br. Imran for more than 30 minutes answered them very patiently even though it was appearing that the questioners were not really interested to learn but rather wanted to push Br. Imran to speak their words from his mouth.
+ + +
শঙ্কৰদেৱৰ এক শৰণ নাম ধৰ্মত (এক শৰণৰ অৰ্থ হল এক দেউ এক সেউ এক বিনে নাই কেউ ৷ অৰ্থাৎ এক ঈশ্বৰত শৰণ লোৱা )। এক ঈশ্বৰেই পৰম ধৰ্মৰ দৰে মুছলমানৰো পৰম ধৰ্ম হৈছে এক আল্লাহ। সেয়েহ আজান ফকিৰে(ৰঃ) জিকিৰত কৈছেঃ-

--মুমিনহে দোশ্তি ৰাখা
আল্লাহে পৰম ধৰ্ম
নামহে পৰম ধৰ্ম।--
(ভি ডি অ’ত আছে।)


………………………………………
to be contd. on next sunday-in sha Allah-sgi(s)

Sunday, 12 April 2015

[5]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

[5]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..
[Photo:- Assamese drama ” Saraguri Chapori” written by Mahendra Barthakur.]
আজান ফকীৰ(ৰঃ) চাহাবৰ উদ্দেশ্য আছিল সেই সময়ত কিছুমান ধৰ্মবিৰোধী ৰীতি-নীতিত লিপ্ত থকা মুছলমানসকলৰ মাজত ইছলাম ধৰ্মৰ প্ৰাথমিক ধাৰণাসমূহ আৰু মৌলিক কৰ্তব্যসমূহ যেনে-ঈমান [এক আল্লাহ আৰু হজৰত মহম্মদ(দঃ)প্রেৰিত ৰছুল], নামাজ, ৰোজা, হজ, জাকাত প্ৰচাৰ কৰা।
হাজোত কেইবাবছৰ থাকোতেই আজান ফকীৰে(ৰঃ) অসমীয়া সমাজখন বিশ্লেষণ কৰি দেখিলেযে অসমীয়া বৈষ্ণৱ কাব্যৰ শংকৰদেৱেৰ নৱবৈষ্ণৱ ধৰ্মৰ তত্ত্বৰ লগত ইছলামৰ মূল ধাৰণা সমূহৰ কিছু কিছু মিল আছে। গতিকে তেওঁ(ৰঃ) শংকৰদেৱেৰ নৱবৈষ্ণৱ ধৰ্মৰ তত্ত্ব সমূহ আয়ত্ত কৰি জিকিৰৰ মাধ্যমেৰে ইছলামৰ নিষ্কাম ভক্তি আৰু সেই ধৰ্মৰ বিশেষত্বক গুৰুত্ব আৰোপ কথা চিন্তা কৰিলে । নিৰাকাৰ ঈশ্বৰৰ ধ্যান-ধাৰণা বৈষ্ণৱ কাব্যৰ মূল দৰ্শনৰ দৰে ইছলামৰ মূল দর্শণৰ সংমিশ্রণ ঘটাই লগতে সম্প্রিতিৰ এনাজৰিদালো যাতে ভবিষ্যতলৈওঁ কটকটিয়াহৈ থাকে তাৰ বাবে আজান ফকীৰে(ৰঃ) থলুৱা গীত-মাত,অসমীয়া দেহ বিচাৰ গীত, বৰগীত, লোকগীত সুৰেৰে আৰু ইছলাম দর্শনেৰে জিকিৰ সমূহ ৰচনা কৰাৰ কাম আৰম্ভ কৰিলে। আজান ফকীৰে(ৰঃ) কিন্তু বেছিভাগ জিকিৰ চূণপোৰা গাৱলৈগৈহে ৰচনা কৰিছিল।।
হিন্দু আৰু মুছলমানৰ সাম্প্ৰদায়িক সমন্বয় ক্ষেত্ৰত অসমৰ সমকক্ষ ভাৰতৰ আন কোনো ৰাজ্যই নহয়। প্ৰাচীন সময়ত নিৰ্মিত সত্র, কীৰ্তন ঘৰ, নাম ঘৰ আদিত ইছলামীয় স্থাপত্যশৈলী চকুত পৰে। কীৰ্তন ঘৰ বোৰত গায়ন বায়ন সকলৰ মাজত মুছলমান লোকো আছিল। আজান পীৰৰ জিকিৰ আৰু জাৰিত অসমীয়া নাম কীৰ্তনৰ সুৰ ষ্পষ্টকৈ চকুত পৰে। “হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান” বুলি গোৱা জিকিৰ সমুহ অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ অতুলনীয় নিদৰ্শন।

আজান ফকীৰে(ৰঃ) অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ পৰিৱেশত আভিভুত হৈ তেওঁ ইছলাম ধৰ্ম প্ৰচাৰতে ক্ষান্ত নাথাকি সাম্প্ৰদায়িক সমন্বয়ৰ চিহ্ন স্বৰূপ জিকিৰ সমুহ লিখি উলিয়াইছিল। এই জিকিৰ সমুহৰ কিছুমান আছিল হিন্দু ধৰ্মৰ নাম কীৰ্তনৰ সুৰত ৰচিত ধৰ্ম মুলক গীত, যিবোৰে ব্যাপক সমাদৰ লাভ কৰিছিল।
মূলতঃ আজান ফকীৰে(ৰঃ) দুটা কাম কৰিছিল এটা থলুৱা গীত-মাতেৰে জিকিৰ গীতেৰে ইছলামৰ মূল উপাদান সমূহ প্রচাৰ কৰিছিল আৰু দ্বিতীয়তে শংকৰ-মাধবদেৱে গঢ়ি যোৱা সাম্প্ৰদায়িক সমন্বয়ৰ বান্ধোন আৰু বেছি কটকটিয়া কৰিছিল যাতে ই কোনো দিন চিঙি নেযায়। ইয়াৰ প্রমাণ আমি আজিওঁ দেখিবলৈ পাওঁ। ইয়াৰ প্রমাণ আমি অহাবাৰলৈ দিম।……insha Allah…
………………………………………
to be contd. on next sunday-in sha Allah-sgi(s)


Friday, 10 April 2015

(৩)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


খণ্ড-১
“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

By:- sogoodislam@gmail.com


            সর্বযুগৰ সর্বশ্রেষ্ঠ মানব আৰু নবী(দঃ)ৰ পৱিত্র জীৱনধাৰৰ এখন পূর্ণাঙ্গ প্রতিচ্ছবি অংকন কৰা সম্ভব নহয় যেতিয়ালৈকে ঐশিয়ী(Revelation) বাণী(কোৰআণ) অবতীর্ণ হোৱাৰ আগৰ আৰু পাছৰ প্রাক-ইছলামিক আৰবৰ ভৌগালিক আৰু সম্প্রদায়ৰ কিছু কথা জানি লোৱা নহয়।

             আাৰব উপ-উপদ্বীপৰ ভূ-ভাগৰ আয়তন ১০ৰ পৰা ১৩ লক্ষ বর্গ মাইল। ভৌগালিক দৃষ্টি কোণৰ পৰা আাৰব উপ-উপদ্বীপ অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ চাৰিওফালে বালিময় মৰুভূমিৰে পৰিবেষ্টিত। কোনো বর্হিশত্রুৰ পক্ষে ইয়াৰ ওপৰত আক্রমন কৰা অথবা প্রভাৱ বিস্তাৰ কৰা ইমান সহজ নহয়। বর্হিবিশ্বৰ দিশটোলৈ মন কৰিলে দেখা যায় যে আাৰব উপ-উপদ্বীপ সকলো মহাদেশ সমূহৰ একেবাৰে মধ্য স্থলত অৱস্থিত। জল আৰু স্থল উভয় পথৰ দ্বাৰা পৃথিবীৰ বিভিন্ন দেশ আৰু মহাদেশৰ লগত সংযুক্ত। ভৌগালিক অৱস্থান অনুসৰি আৰবৰ উত্তৰ আৰু দক্ষিণ সীমান্ততআছিল বিভিন্ন সম্প্রদায়ৰ ব্যৱসায়-বাণিজ্য, কৃষি ও মন বিনিময়ৰ কেন্দ্র বিন্দু।




               
            জন্মসূত্রৰ ভিত্তিত আৰব সম্প্রদায়ক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনেঃ-১)বায়েদ(এই সম্প্রদায় নিঃশ্চিহ্ন হৈ গৈছে), ২)আৰিবা বা কাহতানী আৰু ৩)মুস্তা’ৰিবা বা আদনানী(হজৰত ইছমাইল,আঃ ৰ বংশধৰ)।

            আমাৰ বিচার্য্যৰ মূল সম্প্রদায় বা গোত্র হৈছে আৰবে মুস্তা’ৰিবা অর্থাৎ আদনানী আৰব। এই সম্প্রদায়ৰ এজন পূর্ব-পুৰুষ হজৰত ইব্রাহীম(আঃ) মূলতঃ “উৰ”ৰ বাসিন্দা আছিল। এই “উৰ” চহৰ ফোৰাত বা ইউফ্রেটিচ নদীৰ পাৰৰ “কুফাৰ” একেবাৰে ওচৰত আছিল। ইয়াৰ প্রত্নতাত্বিক ভূ-গর্ভ খননৰ ফলত যিবোৰ শিলালিপি, পুথি-দলিল আদি পোৱা গৈছে তাৰ পৰা হজৰত ইব্রাহীম(আঃ)ৰ পূর্ব-পুৰুষ বংশধৰ সকলৰযে ধর্মিয়, সামাজিক অনুস্থানৰ অৱস্থাৰ নব-দিগন্তৰ উন্মোচন বিষয়ে বহু কথাই জানিব পৰা গৈছে।।।(ইয়াতে ক্লিক কৰক- http://syedjehu.wordpress.com/2014/08/25/ur-iraq/ )।।।


                   উল্লেখ যোগ্যযে হজৰত ইব্রাহীমে(আঃ) উক্ত স্থানৰ পৰা হিজৰত কৰি “হাৰান” চহৰলৈ আহিছিল আৰু তাতেই মহান আল্লহ তা’লাই পৰম সন্মানিত “খলীলুল্লাহ” উপাধিৰে বিভূষিত কৰিছিল ।।(ইয়াতে ক্লিক কৰক-http://syedjehu.wordpress.com/2014/08/25/haran/) ।।

          হজৰত ইব্রাহীম(আঃ) সৰু কালৰ পৰাই এক আল্লা তা’লাৰ প্রতি বিশ্বাসী আছিল। তেখেতৰ আপোন পৰিয়ালবোৰ আছিল মূর্ত্তি পূজক। কি দৰে পূজাৰ বাবে তৈয়াৰ কৰা মূার্ত্তিবোৰ তেওঁ ভাঙি পেলাইছিল তাৰ বিষয়ে এই url ত ক্লিক কৰিলে গম পোৱা যাব।।(ইয়াতে ক্লিক কৰক-http://wp.me/p20yGy-66)।।
                 মূর্ত্তি পূজক বোৰে কিদৰে হজৰত ইব্রাহীম(আঃ)ক মাৰিবৰ বাবে জুইত পেলাই দিছিল তাৰ আভাস পাবলৈ।।(ইয়াতে ক্লিক কৰক-http://wp.me/p20yGy-67)।।
-to be contd.....in sha Allah-sgi(s)