Saturday, 4 April 2015

[4]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-



[4]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..
1]srimanta sankardev

১৫শতিকাৰ পৰা ১৬ শতিকাৰ ভিতৰত অসমত মহাপুৰুষ শংকৰদেৱ নাট্যকাৰ আৰু সামাজিক ধর্মিয় সংস্কাৰৰ বাবে বিখ্যাতহৈ পৰে। সেই সময়ত কোঁচ আৰু আহোম ৰাজ্যক সাহিত্য আৰু ধর্মিয় সংস্কাৰেৰে তেওঁ সামাজিক বন্ধনেৰে বান্ধি ধর্মিয়, সামাজিক দিশ কটকটিয়া কৰিছিল। এই বান্ধোন ইমানেই মজবুত আছিলযে বিভিন্ন জন গোষ্ঠি, জাতি, ধর্মৰ লোকসকল শংকৰদেৱৰ ধর্মিয় সংস্কাৰত বিলীনহৈ গৈছিল।
সেই সময়ত মুছলমান সকল নামতহে মুছলমান আছিল। ইতিহাস মতে ১২০৬ খীষ্টাব্দত অসমত প্রথম ইছলামধর্মী লোকৰ পদার্পণ ঘটে।উত্তৰ গুৱাহাটীত পোৱা কানাই বৰশী বোৱা শিলালিপিৰ তথ্য অনুসৰি বংগৰ সেনাপতি ইবন বখতিয়াৰ খিলিজিয়ে তিব্বত, তুর্কীস্থান আৰু চীনদেশ জয় কৰিবলৈ যাওঁতে কামৰূপৰ মাজেদি প্রৱেশ কৰিব লগা হোৱাত সেই সময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত হোৱা সংঘর্ষত পৰাস্ত হয় আৰু বহুলোকক বন্দী কৰি ৰখা হয়।বখতিয়াৰৰ লগত অহা এই সকল লোক আৰু পিছত আহোম আৰু ভাৰতীয় মোগল সাম্রাজ্যবাদী ঔৰংগজেৱৰ মাজত হোৱা সোতৰখনকৈ যুদ্ধত যুদ্ধবন্দী হিচাপে বহুতো ইছলামধর্মী লোক অসমত স্থায়ীভাৱে থাকি যায়।

2]poa macca dargah
আজান ফকীৰ(ৰঃ) আৰু ভাতৃ নবী চূণপুৰালৈ অহাৰ আগতে কামৰূপৰ হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে আছিল। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ব কৰি লৈছিল। আজান ফকীৰে(ৰঃ) জানিছিলযে মহাপুৰুষ শংকৰদেৱে ধর্মিয় সংস্কাৰেৰে বান্ধিথৈ যোৱা মুছলমানখিনিক ফালি আনি ইছলাম ধর্মৰ শিক্ষা দিয়াটো অসম্ভব হব। সেয়েহে তেওঁ অসমীয়া ভাষাটোৰ লগতে শংকৰদেৱৰ গীত মাত ওজাপালি, নৃত্যগীত, দেহবিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিছিল

Môhapurux Srimôntô Xônkôrdev was a 15th-16th centuryAssamese saint-scholar, playwright, social-religious reformer and a colossal figure in the cultural and religious history of Assam, India. He is credited with providing a thread of unity to Assam straddling two major kingdoms (Ahomand Koch kingdoms), building on past literary activities to provide the bedrock of Assamese culture, and creating a religion that gave shape to a set of new values and social synthesis. The religion he started,Mahapuruxiya Dharma, was part of the Bhakti movement then raging in India, and he inspired bhakti in Assam just as Ramananda, Guru Nanak, Kabir,Basava and Chaitanya Mahaprabhu inspired it elsewhere.
His literary and artistic contributions are living traditions in Assam today.

-ক্রমঃঅহা দেওবাৰৰৈ——to be Contd—next Sunday.
pic-1]sri sankarden 2]poa macca dargah

No comments:

Post a Comment