Friday, 10 April 2015

(৩)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


খণ্ড-১
“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

By:- sogoodislam@gmail.com


            সর্বযুগৰ সর্বশ্রেষ্ঠ মানব আৰু নবী(দঃ)ৰ পৱিত্র জীৱনধাৰৰ এখন পূর্ণাঙ্গ প্রতিচ্ছবি অংকন কৰা সম্ভব নহয় যেতিয়ালৈকে ঐশিয়ী(Revelation) বাণী(কোৰআণ) অবতীর্ণ হোৱাৰ আগৰ আৰু পাছৰ প্রাক-ইছলামিক আৰবৰ ভৌগালিক আৰু সম্প্রদায়ৰ কিছু কথা জানি লোৱা নহয়।

             আাৰব উপ-উপদ্বীপৰ ভূ-ভাগৰ আয়তন ১০ৰ পৰা ১৩ লক্ষ বর্গ মাইল। ভৌগালিক দৃষ্টি কোণৰ পৰা আাৰব উপ-উপদ্বীপ অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ চাৰিওফালে বালিময় মৰুভূমিৰে পৰিবেষ্টিত। কোনো বর্হিশত্রুৰ পক্ষে ইয়াৰ ওপৰত আক্রমন কৰা অথবা প্রভাৱ বিস্তাৰ কৰা ইমান সহজ নহয়। বর্হিবিশ্বৰ দিশটোলৈ মন কৰিলে দেখা যায় যে আাৰব উপ-উপদ্বীপ সকলো মহাদেশ সমূহৰ একেবাৰে মধ্য স্থলত অৱস্থিত। জল আৰু স্থল উভয় পথৰ দ্বাৰা পৃথিবীৰ বিভিন্ন দেশ আৰু মহাদেশৰ লগত সংযুক্ত। ভৌগালিক অৱস্থান অনুসৰি আৰবৰ উত্তৰ আৰু দক্ষিণ সীমান্ততআছিল বিভিন্ন সম্প্রদায়ৰ ব্যৱসায়-বাণিজ্য, কৃষি ও মন বিনিময়ৰ কেন্দ্র বিন্দু।




               
            জন্মসূত্রৰ ভিত্তিত আৰব সম্প্রদায়ক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনেঃ-১)বায়েদ(এই সম্প্রদায় নিঃশ্চিহ্ন হৈ গৈছে), ২)আৰিবা বা কাহতানী আৰু ৩)মুস্তা’ৰিবা বা আদনানী(হজৰত ইছমাইল,আঃ ৰ বংশধৰ)।

            আমাৰ বিচার্য্যৰ মূল সম্প্রদায় বা গোত্র হৈছে আৰবে মুস্তা’ৰিবা অর্থাৎ আদনানী আৰব। এই সম্প্রদায়ৰ এজন পূর্ব-পুৰুষ হজৰত ইব্রাহীম(আঃ) মূলতঃ “উৰ”ৰ বাসিন্দা আছিল। এই “উৰ” চহৰ ফোৰাত বা ইউফ্রেটিচ নদীৰ পাৰৰ “কুফাৰ” একেবাৰে ওচৰত আছিল। ইয়াৰ প্রত্নতাত্বিক ভূ-গর্ভ খননৰ ফলত যিবোৰ শিলালিপি, পুথি-দলিল আদি পোৱা গৈছে তাৰ পৰা হজৰত ইব্রাহীম(আঃ)ৰ পূর্ব-পুৰুষ বংশধৰ সকলৰযে ধর্মিয়, সামাজিক অনুস্থানৰ অৱস্থাৰ নব-দিগন্তৰ উন্মোচন বিষয়ে বহু কথাই জানিব পৰা গৈছে।।।(ইয়াতে ক্লিক কৰক- http://syedjehu.wordpress.com/2014/08/25/ur-iraq/ )।।।


                   উল্লেখ যোগ্যযে হজৰত ইব্রাহীমে(আঃ) উক্ত স্থানৰ পৰা হিজৰত কৰি “হাৰান” চহৰলৈ আহিছিল আৰু তাতেই মহান আল্লহ তা’লাই পৰম সন্মানিত “খলীলুল্লাহ” উপাধিৰে বিভূষিত কৰিছিল ।।(ইয়াতে ক্লিক কৰক-http://syedjehu.wordpress.com/2014/08/25/haran/) ।।

          হজৰত ইব্রাহীম(আঃ) সৰু কালৰ পৰাই এক আল্লা তা’লাৰ প্রতি বিশ্বাসী আছিল। তেখেতৰ আপোন পৰিয়ালবোৰ আছিল মূর্ত্তি পূজক। কি দৰে পূজাৰ বাবে তৈয়াৰ কৰা মূার্ত্তিবোৰ তেওঁ ভাঙি পেলাইছিল তাৰ বিষয়ে এই url ত ক্লিক কৰিলে গম পোৱা যাব।।(ইয়াতে ক্লিক কৰক-http://wp.me/p20yGy-66)।।
                 মূর্ত্তি পূজক বোৰে কিদৰে হজৰত ইব্রাহীম(আঃ)ক মাৰিবৰ বাবে জুইত পেলাই দিছিল তাৰ আভাস পাবলৈ।।(ইয়াতে ক্লিক কৰক-http://wp.me/p20yGy-67)।।
-to be contd.....in sha Allah-sgi(s)

No comments:

Post a Comment