Thursday, 28 May 2015

(১০)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(১০)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com
----------------------------------------------------------

(Note:-sogoodislam@gmail.com:- আমাৰ উদ্দেশ্য হজৰত মহম্মদ(দঃ)লৈ লেখ(Graph )দাল টানিনিয়া। গতিকে হজৰত ইছমাইলৰ(আঃ) ঠালটো ৰাখি বাকীবোৰ আলোচনা নকৰো।
তথাপিওঁ পঢ়ুৱৈৰ কৌতুহল মনক বুজাবলৈ তলৰ লিঙ্কটো দিলো যাতে Isaac আৰু Jacobৰ বিষয়ে কিছু আভাষ পায়।=(ইয়াতে ক্লিক কৰক-http://en.wikipedia.org/wiki/Rebecca)
(According to the account in the Book of Genesis, Rebecca was the wife of Isaac and the sister of Laban, who would later become the father of Rachel and Leah, two of the wives of Rebecca’s son Jacob.)
+++++++++++

——–হজৰত ইব্রাহীম(আঃ)ৰ দুজন ল’ৰা হজৰত ইছমাইল(আঃ) আৰু হজৰত ইছহাক্ক(আঃ) [Prophet Ismail and Prophet Ishaq (peace be upon them)] হজৰত ইছহাক্ক(আঃ) দ্বিতীয় সন্তান।যেতিয়া হজৰত ইব্রাহীমে(আঃ) আল্লাহ তা’লাৰ আদেশত হজৰত ইছমাইল(আঃ)ক কোৰবানি কৰিবলৈ গৈছিল তেতিয়াই বিবি সাৰাই হজৰত ইছহাক্ক(আঃ)ক জন্ম দিয়ে।এখেতৰ(আঃ) বিষয়ে পৱিত্র কোৰআন শ্বৰীফত এনেদৰে আহিছেঃ-
“And We gave him the good news of Isaac-a prophet,- one of the righteous.” (Qur’an 37:112)
——–পৱিত্র কোৰআন শ্বৰীফত হজৰত ইছমাইল(আঃ)ৰ নাম বহুবাৰ আহিছে যদিও তেঁওৰ সতি-সন্ততিৰ বিষয়ে বিশেষ একো উল্লেখ নাই। কিন্তু তৌৰাহত(Torah) বাৰটা ল’ৰা আৰু এজনী ছোৱালীৰ কথা উল্লেখ আছে। (এই কথা “কালবু জাযী-ৰাতিল আৰব, পৃঃ২৩০”মিছৰ-উল্লেখ আছে)।হজৰত ইছমাইল(আঃ)ৰ এই বাৰটা ল’ৰাৰ নাম যথাক্রমেঃ- নাবিত বা নাবায়ুত, কায়দাৰ, আদবাঈল, মিবশাম, মিশমা, দাওমা, মিশা, হাদদ্, তাইমা, ইয়াতুৰ, নাফিস আৰু কাইদমান। এই বাৰটা সন্তানৰ পৰা বাৰটা বংশ বা গোত্রৰ উৎপত্তি হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে এওঁলোকে ইয়েমেন, মিছৰ, চিৰিয়া আদি দেশৰ লগত ব্যৱসায় বাণিজ্য কৰি আৰব উপদ্বীপৰ বাহিৰে ভিতৰে সিঁচৰিতহৈ পৰে।নাবিত আৰু কায়দাৰৰ বংশৰ বাহিৰে বাকী সকলোৰে নাম-নিচান নাইকিয়াহৈ যায়। এটা সময়ত এওঁলোকে অর্থাৎ নাবিত আৰু কায়দানে নিজকে এটা শক্তিশালী জাতি হিচাবে বিশাল সাম্রাজ্য প্রতিষ্ঠিত কৰে। এওঁলোকৰ ৰাজধানী আছিস “বাতৰা”।



——- হাজাৰ বছৰীয়া বুৰঞ্জী অথবা গবেষণা মূলক গ্রন্থত এই বংশবোৰ এক ধূসৰ ছবিহে পোৱা যায়। ছৈয়দ চুলেইমান নভদীৰ(ৰঃ)(Shaykh Syed Sulaiman Nadvi (r.a)দ্বাৰা গভীৰ অনুসন্ধান আৰু গবেষণামূলক গ্রন্থ আৰু সহীহ মুছলিম লগতে সহীহ তিৰমিজ শ্বৰীফৰ হাদিচেৰে আমি আগুৱাই যাম।
 In sha ALLAH(SWT)) -sgis.29.05.2015—
আগলৈ(05/06/2015তাৰিখে)->
Photo of Tomb of Prophet Ishaq(as)

Monday, 25 May 2015

(6)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(6)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis-07.06.2015)
+++++++++++++++++++++++

Click On Picture to Enalarge

[The fifth point in Muslim creed is to believe in life after death; to believe in the Day of Resurrection. It is in fact, the basis upon which Islam builds its whole philosophy of Life. A person cannot be a Muslim until after he/she accepts this principle. The advent of resurrection or Qiyamah is more frequently mentioned in the Noble Quran than any other happening. On the day of Qiyamah, all human beings will be resurrected and will have to pass through God’s judgment on their actions during this ephemeral life on earth. All this is vividly described in the Noble Quran. The word, Qiyamah, occurs 68 times in the Quran, and the word Hereafter occurs 118 times in Yusuf Ali’s translation of the Quran. The Quran argues that resurrection is rationally possible.(Allah-swt says in Holy Quran about resurrection or Qiyamah –click- http://quran.com/22/5 )]

আমি সকলোৱে জানোযে মানুহৰ মৃত্যুৰ লগে লগেই আল্লাহ তা’লাই মানুহজন/জনীৰ পৃথিবীত জীয়াই থকা অৱস্থাত পাপ-পূণ্যৰ ভিত্তিত আগতিয়াকৈ(Preliminary) শাস্তি অথবা আৰাম আৰম্ভ কৰি দিয়ে। অর্থাত মৃত্যুৰ লগে লগেই কেয়ামৎ আৰম্ভহৈ যায় । পাপী সকলৰ  এই শাস্তি হয় যেতিয়ালৈকে চুড়ান্ত কেয়ামৎৰ বাবে শিঙাত ফুঁক দিয়া নহয়। কিন্তু এই সকলো কাম বহুতে ভবাৰ দৰে কেৱল কবৰতে নহয় ; হয় সাত আচমানৰ(seven hevens) বিভিন্ন স্তৰত । যাক কোৱা হয় আলেমে-বৰযষ(log-on.pl-http://wp.me/p3RkLZ-E)। পাপী বিলাকৰ শাস্তি প্রথম আচমানৰ তলৰ বৰযষৰ পৰাই আৰম্ভ হয়।  ভাল ৰুহবোৰে আচমানৰ ওপৰৰ বিভিন্ন স্তৰৰ বৰযষত  স্থান পায়। 
-হজৰত মহম্মদৰ(দঃ) বোৰাকৰ দ্বাৰা  জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছলৈ ভ্রমণ কৰোতে আল্লাহ তা’লাই আলমে-বৰযষৰ কিছুমান নমুনা হজৰত মহম্মদক(দঃ) দেখুৱাইছিল। তেখেতে(দঃ) এৰি অহা পৃথিবীখনক সোণ-ৰূপেৰে অলংকৃত এজনী বুঢ়ি মানুহৰ ৰে দেখিছিল। 
-হজৰত মহম্মদে(দঃ) এই ভ্রমণৰ সময়ত এটা খুব সুগন্ধি গোন্ধ পাই জিব্রিলক(আঃ) সুধিছিল এনে ধুনিয়া গোন্ধ  ক’ৰ পৰা আহিছে। জিব্রিলে(আঃ) কৈছিলযে সেয়া ফা'ৰাওৰ জীয়েকৰ মূৰৰ চুলী ফণীয়াই দিয়া ধার্মিক মহিলা গৰাকিৰ কবৰৰ গোন্ধ , যাক ফা'ৰাওৱে হত্যা কৰিছিল, ফৰাও আৰু সকলোৰে প্রভু আল্লাহ বুলি কোৱাৰ কাৰণে।[click here for this story with hadith dalil:-http://islamqa.info/en/39678]


contd.on next week in sha Allah...sgis


Sunday, 17 May 2015

শেষ খণ্ড-সমাপ্ত [১০]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

শেষ খণ্ড-সমাপ্ত 
[১০]“এক বৌদ্ধিক চিন্তা”

-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislamsyeds-sgis
++++++++++++++++++++++



--সমগ্ৰ ভাৰতীয় উপমহাদেশতেই যেতিয়া ব্ৰাহ্ম্যণ্যবাদে বিয়পাই দিয়া জাত-পাতৰ বিভেদত জনসমাজ আছন্ন আৰু বৌদ্ধ ধৰ্মৰ বিভিন্ন মাৰ্গত বিচ্যুত জনজাতীয় সমাজ, সেইসময়তেই নৱ-বৈষ্ণৱ ধৰ্মৰ এছাটি মধুৰ বতাহে উত্তৰ ভাৰত-গৌৰ আৰু অসমৰ ওপৰেদি বৈ জন-সমাজক আকৃষ্ট কৰিবলৈ সক্ষম হয়। বংগৰ চৈতন্য দেৱৰ নৱ-বৈষ্ণৱ পন্থাত আকৃষ্ট অসমৰ বাৰভূঞা বংশৰ শ্ৰীমন্ত শংকৰদেৱে অসমতো ভাগৱতী বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে। ব্ৰাহ্ম্যণ্যবাদে বৰ বিশেষ প্ৰভাৱিত কৰিব নোৱাৰা অসমৰ জন-সমাজত শ্ৰীমন্ত শংকৰদেৱে নিজৰ প্ৰতিভাৰ বলতেই জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ মানুহক আকৰ্ষিত কৰাই নহয় শিল্প-সাহিত্যৰ নৱ চেতনাৰে অসমত এক নৱজাগৰণৰো সূচনা কৰে। ভাগৱতী ধৰ্মৰ উদাৰতা আৰু মানৱতাবোধে অসমৰ জাতীয় সমাজখনত এক নতুন চেতনাৰ জন্ম দিবলৈ সক্ষম হয়।
ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সাংস্কৃতিক প্ৰভাৱ অসমৰ বিশুদ্ধ ব্ৰাহ্ম্যণ্যপন্থী সকলৰ ধৰ্মীয় বিশ্বাস আৰু লোকাচাৰ সমূহৰ মাজতো একাত্ম হৈ এক অসমীয়া সংস্কৃতিক জন্ম দিবলৈ সক্ষম হয়।

--আজান পীৰ(ৰঃ) চাহাবৰ আদৰ্শ আৰু বৈষ্ণৱ আদৰ্শৰ মাজত নিকট সম্পৰ্ক বুলি ভবা হয়। একেই ভক্তি ৰস। ভক্তিবাদ আছিল ব্ৰাহ্ম্যণ্যবাদী আধিপত্য বাদৰ বিৰুদ্ধে প্ৰত্যাহ্বান। সেয়ে আজান চাহাবৰ জিকিৰ আৰু জাৰি গীতত দেখা যায় সেই একেই সুৰ—-মোৰ মনত হীন-পৰ নাই ও আল্লা, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, যিদৰে গুৰু শংকৰৰ ভাষাত কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম,জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আজিও শংকৰ-মাধৱ গুৰুৰ বাৰকুৰি বৰগীতৰ লগতে আজান চাহাবে ৰচনা কৰা আঠ কুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। হয়। গুৰুজনাই দি যোৱা কীৰ্তন ঘৰ-নামঘৰ আনকি মণিকূটৰ স্থাপন শৈলীতো ইছলামীয় শিল্প শৈলীৰ প্ৰভাৱ উল্লেখ্য। আমনি কীৰ্তন ঘৰত গায়ন-বায়নসকলৰ এক বৃহৎ সংখ্যক ইছলামধৰ্মী লোকেই আছিল।

--আজান পীৰ চাহেবৰ বিষয়ে বুৰঞ্জীত বৰ বেছি পোৱা নাযায়। সম্ভৱতঃ ১৬৮৬ চন মানত আজান চাহাবে(ছাহ মীলান)এজন গোড়া মুছলমানৰ আদৰ্শৰে সুদূৰ বাগদাদৰ পৰা আহে। ভাৰতলৈ আহিয়েই তেওঁ চুফীবাদ আৰু ভক্তিবাদৰ সান্নিধ্যত আহে আৰু তেওঁৰ আগৰ ধাৰণা সলনি হয়। অসমলৈ আহি তেওঁৰ সেই ধাৰণা একেবাৰেই নাইকিয়া হয় আৰু গুৰু শংকৰে স্থাপন কৰা ভক্তিৰস প্ৰধান উদাৰ অসমৰ সমাজত তেওঁ বাণী প্ৰচাৰ কৰিবলৈ লয়। নিজে এজন মুছলমান হৈও গৌড়ৰ চোৰাংচোৱা বুলি সন্দেহ কৰি ৰূপাই দা ধৰাই আজান পীৰৰ চকু কাঢ়ে। অজানিতে এক অক্ষমণীয় অপৰাধ কৰি পেলালেও এজন অসমীয়া মুছলমানৰ স্বদেশ প্ৰেমৰ স্বাক্ষৰ ৰাখি গৈছে ৰূপাই দাধৰাই। কিন্তু পিছলৈ ভুল বুজিব পাৰি অনুশোচিত হৈ ৰূপাই আত্মঘাটি হয় আৰু স্বৰ্গদেৱে আজান পীৰক শৰাগুৰী চাপৰিত ভূ-দান দি তাতে সন্মান সহকাৰে স্থাপন কৰে।
    

-- শংকৰ-আজানৰ অসমত এতিয়া সাম্প্ৰদায়িক মেৰু বিভাজনৰ প্ৰচেষ্টা চলিছে। কিন্তু এই মেৰুকৰণ এতিয়াও সফল হব পৰা নাই একমাত্ৰ এই গুৰু দুজনাৰ অমৰ আদৰ্শৰ বাবে। যি আদৰ্শ অসমীয়া জাতিৰ হৃদয়ত লুইতৰ সোতৰ দৰে অহৰহ অবিৰাম গতিত বৈ থাকে। অসমৰ ইতিহাস শংকৰ-আজান- লাচিতৰ ইতিহাস, বাঘ হাজৰিকাৰ ইতিহাস। আজান পীৰৰ চকু কঢ়া বাবে ৰূপাই দাধৰাক সাহিত্যিক সকলে এজন মুছলমান মৌলবাদী হিচাপে অংকন কৰাৰ প্ৰচেষ্টা দেখা যায় যদিও সেই সময়ৰ অন্য সাক্ষ্য সমূহে তেওঁযে এজন প্ৰকৃত নিষ্ঠাবান দেশপ্ৰেমিক অসমীয়া সেনা বিষয়া আছিল সেয়া প্ৰমাণ কৰে। 

[References:-
1)ৰাজকুমাৰ সৰ্বানন্দ, ইতিহাসে সোঁৱৰা ছশটা বছৰ পূৰ্বোক্ত গ্ৰন্থ
2)চৌধুৰী মেদিনী,লুইত বৰাক আৰু ইছলাম
3)নেওগ মহেশ্বৰ,অসমীয়া সাহিত্যৰ ৰূপৰেখা
4)অসমৰ ধৰ্মীয় বৈচিত্ৰ্য, সহিষ্ণুতা আৰু সমন্বয়-ৰক্তিম শৰ্মা]
Link our site-http://wp.me/p2pDMO-1f-sgis


------------সমাপ্ত[১৭।০৫।২০১৫]sogoodislamsyeds-sgis-----------

Saturday, 16 May 2015

(4)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(4)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis)
+++++++++++++++++++++++


--মক্কাৰ মছজিদে হাৰামৰ পৰা জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছলৈকে এই ভ্রমণত হজৰত মহম্মদ (দঃ) চাৰি ঠাইত ৰৈছিল। ১] মদিনাত নামি নামাজ পঢ়িছিল। ২] তুৰ পর্বতৰ ছিনাই(Toor Sinai)ত য’ত হজৰত মুছা(আঃ)এ আল্লাহ তা’লাৰ লগত কথা পাতিছিল। ৩] বেইথলহাম(Bethlehem) য’ত  হজৰত ঈছা(আঃ)ৰ জন্ম হৈছিল। ৪] বাইতুল মোক্কাদ্বিছত[Jerusalem- (Baitul Maqdis)]।



--এই ভ্রমণত হজৰত মহম্মদৰ(দঃ) লগত তিনি বিধ শক্তি লগত আছিল। ১]মহান আল্লাহ তা’লাৰ Subhana allathee( سُبْحَانَ الَّذِي)বুলি আৰম্ভ হোৱা ১৭ : ১ বাণী। ২] শক্তিশালী ফিৰিস্তা জিবৰাইল(আঃ) আৰু মিকাইল(আঃ) যি  নুৰৰ(Light) দ্বাৰা তৈয়াৰি। আৰু আছিল ৩] শক্তিশালী উৰিব(Flying) পৰা বেগী বোৰাক।

[[17:1 - Al-Isra (The Journey by Night)

سُبْحَانَ الَّذِي أَسْرَى بِعَبْدِهِ لَيْلاً مِّنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا إِنَّهُ هُوَ السَّمِيعُ البَصِيرُ (17:1) ]]


ইয়াৰ পিছত আমি মনৰ খু-দুৱনি মাৰিবলৈ চাৰি/পাঁচ ঘণ্টাৰ ভিতৰত কিদৰে এই পৰিভ্রমণ সম্ভব হৈছিল তাক উল্লেখ কৰিম-inshaAllah. । 
1. Distances, 
Traveled in one night covered Millions of Miles. 

2.Times taken. 
One night most probably at about 4 to 5 hours. 

3, Transports; "THE BURAK" 


--হজৰত মহম্মদৰ(দঃ) বোৰাকৰ দ্বাৰা ভ্রমণ জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছৰ পৰা প্রথম আচমানলৈকে আছিল। বাইতুল মোক্কাদ্বিছৰ মছজিদ আল-আকচাত হজৰত মহম্মদে(দঃ) সকলো পয়গম্বৰৰ জামাতত ইমামতি কৰিছিল। 

[[বিঃদ্রঃ-শবে মেৰাজৰ তাৰিখ নির্দিষ্ট নহয়।
ইয়াক পালন কৰাৰ কোনো বিধান ৰছুলে(দঃ) দিয়া নাই।
সৌদী আৰবৰ ফতোৱা চাওঁক।।
-ক্রমশঃ- next sat.day on 23.05.2015-sgis,16.5,15

Thursday, 14 May 2015

(৮)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(৮)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

++++++++++++++++++++++++++++++++++++
খণ্ড-৬
“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
By:- sogoodislam@gmail.com
----------------------------------------------------------

——-কা’বা-শ্বৰিফৰ মূল ঘৰটো আছে আচমানত আল্লাহ তা’লাৰ ওচৰত যাক কোৱা হয় “আল বাইতউল-মা’মুৰ(Al Bait-ul-Ma’mur)”। তাৰ তুলনাত কা’বা-শ্বৰিফ তেনেই সৰু।
কা’বা-শ্বৰিফৰ কথা কোৰআন শ্বৰিফত উল্লেখ আছেঃ-
The word(s) “Kaaba” appears 3 time(s) in 3 verse(s) in Quran in Muhammad Habib Shakir translation.
১]( سورة المائدة , Al-Maeda, Chapter #5, Verse #95-www.quran.com/5/95)
২]( سورة المائدة , Al-Maeda, Chapter #5, Verse #97
-www.quran.com/5/97)
৩]( سورة الطور , At-tur, Chapter #52, Verse #4-www.quran.com/52/4)
———-ইয়াৰোপৰি আল্লাহৰ ৰচুল হজৰত মহম্মদ(দঃ) ৰ “মে’ৰাজ(‘Isra wal Miraaj’) ভ্রমণত ইয়াৰ কথা উল্লেখিত হৈছে।
——— “Then I was shown Al-Bait-al-Ma’mur (i.e. Allah’s House). I asked Gabriel about it and he said, This is Al Bait-ul-Ma’mur where 70,000 angels perform prayers daily and when they leave they never return to it (but always a fresh batch comes into it daily).”
vedio,click,pl=
https://youtu.be/cXuNQSf6V2E [কা’বা-শ্বৰিফৰ উক্ত মূল কথাটোৰ এটা সুন্দৰ অংকৰ মাজেৰে বুজোৱা ভিডিঅ’ পঠাইছে ডক্তৰ ছৈয়দা ৰাইসান ইয়াছীন (ৰসায়ন,আই,আই,টি-গুৱাহাটী)(৫/৯/২০১৪)][video in Urdu-https://youtu.be/Pm4RCZAdKxg]


———হজৰত ইব্রাহীম(আঃ) আৰু হজৰত ইছমাইলে(আঃ) যি কা’বা ঘৰ বনাইছিলে সেই একেটাই ঘৰ আজিৰ কা’বা ঘৰ নহয়। বিভিন্ন সময়ত মানুহ আৰু প্রাকিৃতিক দুর্য্যুগৰ বলিহোৱা কা’বা ঘৰক বহুবাৰ মেৰামতি কৰা হৈছে।


হজৰত মহম্মদ(দঃ) আল্লাহ তা’লাৰ পয়গম্বৰ হোৱাৰ আগতে কা’বা ঘৰক তেওঁ(দঃ) নতুনকৈ বনায়। ইয়াৰ বাবে ৰক্তপাত আৰু তেখেতে(দঃ) বহু বলিদান দিবলগীয়া হৈছিল। ইয়াৰ বিষয়ে পিছত উল্লেখিত হ’ব।
প্রথম অৱস্থাত সূমোৱা আৰু ওলোৱাৰ বাবে দুখন দুৱাৰ আছিল। পিছত এখন খিৰিকিৰো ব্যৱস্থা কৰা হৈছিল। বর্তমান কিন্তু এখন দুৱাৰ আৰু কোনো খিৰিকি নাই।
কা’বা ঘৰৰ যি আৱৰণ(Kiswah) আছে তাৰ পৰমপৰা আৰম্ভ হৈছিল আব্বাচিদৰ(Abbasids) দিনৰ পৰা।

আগতে সপ্তাহত দুবাৰ কা’বা ঘৰৰ দুৱাৰ খোলা হৈছিল। কিন্তু আজিকালি কিছু বিশেষ লোকৰ বাবে বছৰত দুবাৰ দুৱাৰ খোলা হয়। তলৰ ভিডিঅ’টো ক্লিক কৰি চাওকঃ-
--ক্রমশঃ-on next Friday(22.5.15)-in sha Allah--sgis-15.05,2015

Sunday, 10 May 2015

[৯]“এক বৌদ্ধিক চিন্তা” -চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

 [৯]“এক বৌদ্ধিক চিন্তা”

-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislamsyeds-sgis
++++++++++++++++++++++


- ইয়াত দিয়া জিকিৰৰ ভিডিঅ'টোলৈ মন কৰক জোন ৰহমান চাহেবৰ ফেঃবুঃত এইটো চাব পাৰিব।
বৰ সুন্দৰ জিকিৰ তেখেতে ৰাইজলৈ উপহাৰ দিছে।
জিকিৰ অসমীয়া জাতিয় জীৱনৰ বর্তমান এক সংস্কৃতি।
মন কৰিবযে এই গোটটোত আঠ জন মানুহ আছে।
আঠ জনৰ কেৱল S.M.Rahman চাহেবেই মুছলমান।
বাকী সাত জনেই আমৰ মৰম আৰু শ্রদ্ধাৰ ভাই  সকল
ডেকা, বৰুৱা, বেজবৰুৱা , বৰকাকতি , গগৈ ,শইকিয়া আৰু  দুৱৰা।

-কাৰো অজানা নহয়যে ফটোত দেখা লোকসকলে বিভিন্ন বাদ্য যন্ত্র সম্বিলিতৰে ইছলাম প্রচাৰৰ বাবে জিকিৰ গোৱা নাই। বিহুৰ দৰে ইয়াতো এটা পৰিবেশ গঢ়ি উঠিছে। যাক ক'ব পাৰি সমন্বয়। অতীতত কি বিহু আছিল আজি কি হ'ল। শুনিছেনে আজিৰ প্রজন্মই বহাগী সাত বিহুৰ নাম। সাত বিহুত আছে গৰু বিহু, মানুহ/চেনেহী বিহু,  চ'ত বিহু, কুটুম  বিহু, মেলা বিহু , চেৰা বিহু  আৰু ৰাতি বিহু। জীবন সলনি হ'ল। অর্থাৎ সমাজৰ লগে লগে সংস্কৃতিও পৰিবর্তনশীল। ভঁৰালঘৰ, নামঘৰ , গোহালিঘৰ আদিবোৰ আজি নষ্টালজিয়া। 
       
           আজান ফকীৰ(ৰঃ) চাহেবে ধর্ম আৰু সমন্বয়ৰে গঢ়িথৈ যোৱা মুছমান সমাজখনো আজি পৰিবর্তন হৈছে। পৰিবর্তন হৈছে জিকিৰ সংস্কৃতিৰো। তাকে দেখি আধুনিক সমাজে আজান ফকীৰ(ৰঃ) চাহেবক বাদ্য যন্ত্রৰে ইছলাম প্রচাৰ কৰেনে বুলি ক'বলৈ কেনেকৈ ইমান সাহস গোটাব পাৰিলে। 


                অতীতলৈ ঘূৰি চালে আমি দেখা পাওঁযে  অসমত প্ৰাচীন সনাতন ধৰ্মৰ প্ৰসাৰ আৰ্যসকলৰ অসম আগমনৰ লগে লগেই আৰম্ভ হয় বুলি ইতিহাসবিদ সকলে কয়। শৈৱধৰ্মী কলিতা জনগোষ্ঠীৰ অসম আগমনেই প্ৰথমে এই পথ সুগম কৰে। ইতিহাসবিদ সকলৰ মতে অসমলৈ(কামৰূপ)পোনপ্ৰথমে আৰ্যসকলৰ প্ৰবেশ ঘটিছিল হিমালয়ৰ পাদদেশৰ উত্তৰ দিশেৰে। ফলস্বৰূপে সেই আৰ্যসকলৰ মাজত তিব্বত-মংগোলীয় প্ৰভাৱ পৰিছিল। যাৰ কাৰণেই শাৰীৰিক অবয়ব-ভাষা-সংস্কৃতি আদিত অসমৰ অমংগোলীয় সকল ভাৰতৰ অন্য আৰ্যসকলতকৈ পৃথক। তাৰোপৰি চীন-তিব্বতীয় ধৰ্মীয়-সাংস্কৃতিক প্ৰভাবো কঢ়িয়াই আনিছিল এই আৰ্যসকলে। ইয়াৰ আভাস পোৱা যায় প্ৰাচীন অসমত প্ৰচলিত তন্ত্ৰ-মন্ত্ৰ-ইন্দ্ৰজাল-নৰ-বলি প্ৰভৃতি ধৰ্মীয় লোকাচাৰ সমূহত। উল্লেখযোগ্য যে শদিয়াৰ কেঁচাইখাইতী, নগাওঁৰ কপিলী, গোভাৰ কেঁচাইখাইতী, জয়ন্তেশ্বৰীৰ পূজকসকল অহিন্দু আছিল।  তাৰো পৰি তান্ত্ৰিক বৌদ্ধধৰ্মই ব্ৰাহ্ম্যণ্যবাদৰ প্ৰভাব নপৰা অসমৰ জনজাতি সমাজখনক ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল।(ৰক্তিম শৰ্মা-অসমৰ ধৰ্মীয় বৈচিত্ৰ্য, সহিষ্ণুতা আৰু সমন্বয়)

--১৭/০৫/২০১৫ত আৰু আছে-in sha Allah

Saturday, 9 May 2015

Description of Buraq

[A Buraq seen on a reproduction of a 17th-century Indian Mughal miniature]
Description
While the Buraq is almost always portrayed with a human face in far-eastern and Persian art, no Hadiths or early Islamic references allude to it having a humanoid face. This, which found its way into Indian and Persian Islamic art, may have been influenced by a misrepresentation or translation from Arabic to Persian of texts and stories describing the winged steed as a "... beautiful faced creature."
An excerpt from a translation of Sahih al-Bukhari describes Al-Buraq:
Then a white animal which was smaller than a mule and bigger than a donkey was brought to me. ... The animal's step (was so wide that it) reached the farthest point within the reach of the animal's sight.
Muhammad al-BukhariSahih al-Bukhari[1]
Another description of the Buraq:
Then he [Gabriel] brought the Buraq, handsome-faced and bridled, a tall, white beast, bigger than the donkey but smaller than the mule. He could place his hooves at the farthest boundary of his gaze. He had long ears. Whenever he faced a mountain his hind legs would extend, and whenever he went downhill his front legs would extend. He had two wings on his thighs which lent strength to his legs.
He bucked when Muhammad came to mount him. The angel Jibril (Gabriel) put his hand on his mane and said: "Are you not ashamed, O Buraq? By Allah, no-one has ridden you in all creation more dear to Allah than he is." Hearing this he was so ashamed that he sweated until he became soaked, and he stood still so that the Prophet mounted him.[2]
[courtesy- http://en.wikipedia.org/wiki/Buraq]

Saturday, 2 May 2015

[৮]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-

[৮]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..


আজান ফকিৰে(ৰঃ) ইছলাম ধর্মৰ মূল কথাবোৰ জিকিৰৰ মাজেৰে প্রচাৰ কৰাৰ বাবে শঙ্কৰদেৱৰ পদ্ধতিক স-সন্মানেৰে, ভক্তিৰে মুকলিভাৱে গ্রহন কৰিছিল। আজান ফকিৰে(ৰঃ) জিকিৰত কৈছেঃ-
-“চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।
– ভজো হেৰা মোৰ মন গুৰুৱে পাৱত।।
ইয়াত কেৱল শঙ্কৰদেৱৰ “গুৰুৱে পাৱত”ৰ ঠাইত আজান ফকিৰে(ৰঃ) “আল্লাৰ নামত” কৰিছে। এই দুটা বস্তুক আজান ফকিৰে(ৰঃ) কেতিয়াও সান মিহলি কৰা নাই। শঙ্কৰদেৱৰ একেশ্বৰ বাদৰ সংঞ্জা অতি উচ্চ মানৰ। শঙ্কৰদেৱৰ কথা ক’লেই মাধবদেৱৰ কথা আহি পৰে। আমি দেখিছিলো কোনো কোনো ক্ষেত্রত শঙ্কৰদেৱতকৈ মাধবদেৱ ঊর্ধ্বত আছিল। আমাৰ এই কথা শুনিবলৈ বেয়া লাগিলেও কিন্তু ভুল নাছিল। কাৰণ এই কথা গুৰুজনাই নিজ মুখে স্বিকাৰ কৰি গৈছে। হলেও শঙ্কৰ-মাধব গুৰু শিষ্যহে।
আমি মাধবদেৱক টানি অনাৰ কাৰণ আছে। মাধবদেৱ আছিল ঘোৰ শক্তি উপাসক(মূর্তি পূজক)। শঙ্কৰ-মাধবৰ মাজত “বহুবাদ” আৰু “একেশ্বৰবাদ”ৰ তর্ক যুদ্ধ হৈছিল। শেষত শঙ্কৰদেৱৰ এটা শ্লোকত মাধবদেৱে হাৰ মানি শঙ্কৰদেৱৰ শিষ্যত্ব গ্রহণ কৰে। শ্লোকটো এনে ধৰণৰ আছিলঃ-
-“বৃক্ষৰ মূলত যেন দিলে আনি জল।
-হোৱয় তৃপিতি তাৰ পত্র পুষ্প ফল।।
-ডালে পাতে সঞ্চে যদি মূলত নেদয়।
-কদাচিতো ডালেপাতে তৃপিতি নাপায়”।।
শঙ্কৰ-মাধবৰ এই মিলনক “মণি-কাঞ্চন”ৰ সংযোগ বুলি জনা যায়। ইয়াৰ ওপৰত  এটা লিখনি ‘মাহেকীয়া-বার্তাপখিলী”,ফেব্রূৱাৰী ২০০২ত প্রকাশ পাইছিল।(ইয়াত ফটো দিয়া হৈছে)।

ক্রমশঃ-Next Sunday......in sha Allah
-

(2)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(2)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds
+++++++++++++++++++++++



- সম্পূর্ণ মে’ৰাজ ভ্রমণটোক যোৱা(Up) আৰু ঘূৰি অহা(Return)কে ধৰি মুঠ ছটা ভাগত বিভক্ত কৰিব পাৰিঃ-
This journey consist of 3 stages:
1. FROM AL HARAM TO AL AQSA MOSQUE
2. FROM AL AQSA MOSQUE TO SIDRA TUL MUNTAHA
3. FROM SIDRA TUL MUNTAHA TO QAAB O QOSAIN
and
4. RETURN
5. THE RESPONSE
6. REFERENCES




1] হাৰামৰ পৰা মচজিদে আকচালৈ- FROM AL HARAM TO AL AQSA MOSQUE:-
হজৰত মহম্মদ(দঃ) ক্কাবা শ্বৰিফৰ হাতীমত হজৰত হামজা(ৰাঃ) আৰু এজন চাহাবা(ৰাঃ)ৰ সৈতে একে ঠাইতে শুই আছিল।  সেই সময়তেই ফিৰিস্তা মাকাইল(আঃ)ৰ সৈতে ফিৰিস্তা জিবৰাইল(আঃ) হজৰত মহম্মদ(দঃ)ৰ ওচৰলৈ আহি তেওঁক(দঃ) জগাবলৈ ধৰিলে। সাৰ পাই তেওঁ(দঃ) কাকো নেদেখি শুই থাকিল। এই কাম পুণৰাবৃত্তি হ’ল। তৃতিয় বাৰত জিবৰাইলে(আঃ) হজৰত মহম্মদ(দঃ)ৰ হাতত ধৰি জগাই ক’লে- আল্লহ তা’লাই(swt) আপোনাক ল’গ কৰিব বিছাৰিছে। (In Rooh al Maani 5:15, narrated by Malik bin Sausaa rz, hijar is mentioned as the resting place of Prophet Muhammad, and in another hadith Hateem is mentioned)
জিবৰাইল(আঃ) হজৰত মহম্মদ(দঃ)ক জমজম কোঁৱাৰ ওচৰলৈ আনি মাকাইল(আঃ)ক এখন থাল আৰু জমজম পানী আনিবলৈ ক’লে যাতে হজৰত মহম্মদ(দঃ)ৰ অন্তৰ খন ধুব পাৰে। সকলো বস্তু যোগাৰ হোৱাৰ পাছত জিবৰাইলে(আঃ) হজৰত মহম্মদ(দঃ)ৰ বুকুৰ মাজৰ পৰা অন্তৰ(কলিজা) খন উলিয়াই আনি( revealed) তিনিবাৰ ধুলে । এই কামত মাকাইলে(আঃ) সাতবাৰ জমজম পানী যোগান ধৰিছিল। 
এই অন্তৰ ধৌত কার্য্যত কিন্তু কোনো তেজ ওলোৱা নাছিল আৰু বিষো অনুভৱ হোৱা নাছিল। [The Prophet’s(D:) chest was opened, the heart removed, washed and re-inserted. (Was this the first-ever open-heart surgery)? (Note: 4 times in His life, Prophet Muhammad’s (peace be upon him) heart was washed). অন্তৰ ধোৱা কাম শেষ হোৱাৰ পাছত মাকাইলে(আঃ) এখন সোণৰ থাল আনিলে য’ত বিশ্বাস আৰু হিকমতেৰে[ حكمة Wisdom] পৰিপূর্ণহৈ আছিল। এই বিশ্বাস আৰু হিকমতক হজৰত মহম্মদ(দঃ)ৰ অন্তৰত ভৰাইদি সকলো কাম সম্পূর্ণ কৰি দুই বাহুৰ মাজত Prophet-Hoodৰ মোহৰ মাৰি দিয়া হ’ল। আমি ইয়াত দিয়া ফটোখন কোনো শিল্পিৰ সৃষ্টিহ।ইয়াতে ক্লিক কৰক[Description of the Seal of  Prophethood- http://islamqa.info/en/22725]

-ক্রমশঃ-[next sat.day-in sha Allah]