(১০)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
By:- sogoodislam@gmail.com
----------------------------------------------------------
(Note:-sogoodislam@gmail.com:- আমাৰ উদ্দেশ্য হজৰত মহম্মদ(দঃ)লৈ লেখ(Graph )দাল টানিনিয়া। গতিকে হজৰত ইছমাইলৰ(আঃ) ঠালটো ৰাখি বাকীবোৰ আলোচনা নকৰো।
তথাপিওঁ পঢ়ুৱৈৰ কৌতুহল মনক বুজাবলৈ তলৰ লিঙ্কটো দিলো যাতে Isaac আৰু Jacobৰ বিষয়ে কিছু আভাষ পায়।=(ইয়াতে ক্লিক কৰক-http://en.wikipedia.org/wiki/Rebecca)
তথাপিওঁ পঢ়ুৱৈৰ কৌতুহল মনক বুজাবলৈ তলৰ লিঙ্কটো দিলো যাতে Isaac আৰু Jacobৰ বিষয়ে কিছু আভাষ পায়।=(ইয়াতে ক্লিক কৰক-http://en.wikipedia.org/wiki/Rebecca)
(According to the account in the Book of Genesis, Rebecca was the wife of Isaac and the sister of Laban, who would later become the father of Rachel and Leah, two of the wives of Rebecca’s son Jacob.)
+++++++++++
——–হজৰত ইব্রাহীম(আঃ)ৰ দুজন ল’ৰা হজৰত ইছমাইল(আঃ) আৰু হজৰত ইছহাক্ক(আঃ) [Prophet Ismail and Prophet Ishaq (peace be upon them)] হজৰত ইছহাক্ক(আঃ) দ্বিতীয় সন্তান।যেতিয়া হজৰত ইব্রাহীমে(আঃ) আল্লাহ তা’লাৰ আদেশত হজৰত ইছমাইল(আঃ)ক কোৰবানি কৰিবলৈ গৈছিল তেতিয়াই বিবি সাৰাই হজৰত ইছহাক্ক(আঃ)ক জন্ম দিয়ে।এখেতৰ(আঃ) বিষয়ে পৱিত্র কোৰআন শ্বৰীফত এনেদৰে আহিছেঃ-
“And We gave him the good news of Isaac-a prophet,- one of the righteous.” (Qur’an 37:112)——–পৱিত্র কোৰআন শ্বৰীফত হজৰত ইছমাইল(আঃ)ৰ নাম বহুবাৰ আহিছে যদিও তেঁওৰ সতি-সন্ততিৰ বিষয়ে বিশেষ একো উল্লেখ নাই। কিন্তু তৌৰাহত(Torah) বাৰটা ল’ৰা আৰু এজনী ছোৱালীৰ কথা উল্লেখ আছে। (এই কথা “কালবু জাযী-ৰাতিল আৰব, পৃঃ২৩০”মিছৰ-উল্লেখ আছে)।হজৰত ইছমাইল(আঃ)ৰ এই বাৰটা ল’ৰাৰ নাম যথাক্রমেঃ- নাবিত বা নাবায়ুত, কায়দাৰ, আদবাঈল, মিবশাম, মিশমা, দাওমা, মিশা, হাদদ্, তাইমা, ইয়াতুৰ, নাফিস আৰু কাইদমান। এই বাৰটা সন্তানৰ পৰা বাৰটা বংশ বা গোত্রৰ উৎপত্তি হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে এওঁলোকে ইয়েমেন, মিছৰ, চিৰিয়া আদি দেশৰ লগত ব্যৱসায় বাণিজ্য কৰি আৰব উপদ্বীপৰ বাহিৰে ভিতৰে সিঁচৰিতহৈ পৰে।নাবিত আৰু কায়দাৰৰ বংশৰ বাহিৰে বাকী সকলোৰে নাম-নিচান নাইকিয়াহৈ যায়। এটা সময়ত এওঁলোকে অর্থাৎ নাবিত আৰু কায়দানে নিজকে এটা শক্তিশালী জাতি হিচাবে বিশাল সাম্রাজ্য প্রতিষ্ঠিত কৰে। এওঁলোকৰ ৰাজধানী আছিস “বাতৰা”।
In sha ALLAH(SWT)) -sgis.29.05.2015—
আগলৈ(05/06/2015তাৰিখে)->
Photo of Tomb of Prophet Ishaq(as)
Photo of Tomb of Prophet Ishaq(as)

No comments:
Post a Comment